/asomiyapratidin/media/media_files/2026/02/11/89-2026-02-11-12-59-16.jpg)
ডিজিটেল ডেস্ক : দেশত চলি আছে টি-২০ ক্ৰিকেট বিশ্বকাপ ২০২৬। ১২ ফেব্ৰুৱাৰী ২০২৬ত আছে ভাৰত আৰু নামিবিয়াৰ মেচ। বিশ্বকাপৰ এই মেচখনৰ পূৰ্বেই চিন্তাত পৰিছে ভাৰতীয় দলটোৰ মেনেজমেণ্ট আৰু দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ।
চিন্তাৰ কাৰণ হৈছে দলৰ অ’পেনিং বেটছমেন অভিষেক শৰ্মা। জানিব পৰা মতে পেটৰ অসুখত ভুগিছে যুৱ বেটাৰগৰাকী। ইতিমধ্যে তেওঁক হাস্পতালত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছে। উচ্চস্তৰীয় সূত্ৰ অনুসৰি দিল্লীস্থিত অৰুণ জেটলি ষ্টেডিয়ামত কাইলৈ হ’বলগীয়া মেচখনত অভিষেক শৰ্মা খেলাৰ সম্ভাৱনা একেবাৰে ক্ষীণ।
অৱশ্যে কেইদিনমানৰ পাছতে তেওঁ সুস্থ হৈ উঠিব বুলি চিকিৎসকে জনাইছে যদিও কাইলৈৰ মেচখনত কোনে অপে’নিং কৰিব তাক লৈ সামান্য চিন্তাত পৰিছে অধিনায়ক। জানিব পৰা মতে, কাইলৈৰ মেচখনত অভিষেকৰ স্থানত সঞ্জু ছেমছনে অ’পেনিং কৰাৰ সম্ভাৱা আছে।
উল্লেখ কৰা প্ৰয়োজন যে ৮ ফেব্ৰুৱাৰীত দিল্লীত দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত ভাগ লৈছিল বেটছমেনগৰাকীয়ে। তাত দলৰ আন সতীৰ্থৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিছিল আৰু ইয়াৰ পাছতে পেটৰ অসুখত ভোগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us