/asomiyapratidin/media/media_files/2025/11/02/ujjd-2025-11-02-10-56-06.jpg)
ডিজিটেল ডেস্কঃ অভিষেক বচ্চন আৰু ঐশ্বৰ্যা ৰায়ৰ বিবাহ বিচ্ছেদৰ প্ৰসংগই সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰে। অভিষেকৰ কাষৰ পৰা একেবাৰে ঐশ্বৰ্যা আতঁৰি যাব বুলিও মাজে মাজে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশিত হয়। লক্ষ্যণীয়ভাৱে অভিষেক বচ্চন আৰু ঐশ্বৰ্যা ৰায়ে এই প্ৰসংগক লৈ স্পষ্টীকৰণ দিয়াৰ পৰা সদায়েই আঁতৰত থাকে।
কিন্তু শেহতীয়াকৈ ঐশ্বৰ্যা ৰায়ে এই বিবাহ বিচ্ছেদৰ প্ৰসংগক লৈ তেওঁলোকৰ স্থিতি স্পষ্ট কৰিলে। অভিষেক বচ্চন আৰু তেওঁৰ স্বামীৰ পৰিয়ালৰ সৈতে জীৱনৰ আগন্তুক সময় কটাব নে নাই, সেই সকলো কথা স্পষ্ট কৰিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে।
এক সাক্ষাতকাৰত অভিনেত্ৰী ঐশ্বৰ্যাই কয় যে, আমি বিবাহ বিচ্ছেদৰ কথাবোৰ ভৱা নাই কেতিয়াও। আৰু ভাৱিবলৈ আমি যত্নও কৰা নাই বা তেনে পৰিস্থিতি আমাৰ জীৱনলৈ অহা নাই। আমি এনেবোৰ কথা মনলৈও অহাটোও নিবিচাৰো। আমি আমাৰ পৰিয়ালত সুখেৰে আছো। মুখৰোচক কিছু কথাই আমাৰ সংসাৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, অভিষেক আৰু ঐশ্বৰ্যা ৰায়ৰ বিয়া সম্পন্ন হৈছিল ২০০৭চনত। দীৰ্ঘ সময় চলমানৰ সৈতে দুৰ্ঘোৰ প্ৰেমৰ অন্তত ঐশ্বৰ্যা বিয়াত বহিছিল অভিষেকৰ সৈতে। সেয়েহে হয়তো অভিষেক আৰু ঐশ্বৰ্যা ৰায়ৰ বিবাহ বিচ্ছেদক লৈ প্ৰায়ে চৰ্চা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us