ঢকুৱাখনাত অভিৰুচি ক্ৰীড়া দিৱস পালন

অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষত ৰাজ্যজুৰি উদযাপিত হৈ আহিছে অভিৰুচি ক্ৰীড়া দিৱস । ১৯৮৪ বর্ষৰ পৰা উদযাপিত হৈ অহা এই ক্ৰীড়া দিৱস বুধবাৰে ঢকুৱাখনাত উদযাপন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
36658

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষত ৰাজ্যজুৰি উদযাপিত হৈ আহিছে অভিৰুচি ক্ৰীড়া দিৱস । ১৯৮৪ বর্ষৰ পৰা উদযাপিত হৈ অহা এই ক্ৰীড়া দিৱস বুধবাৰে ঢকুৱাখনাত উদযাপন কৰা হয় ।

ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত এই উপলক্ষত বুধবাৰে পুৱা ৫ বজাত অনুষ্ঠিত কৰা হয় সমূহীয়া দৌৰ কাৰ্যসূচী । ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত সংস্কৃতি ছুমানীয়ে শুভ উদ্বোধন কৰা এই সমূহীয়া দৌৰত ঢকুৱাখনা টাউন ক্লাব , টাইকোৱান্দু ক্লাব ,জিলা ক্ৰীড়া সন্থাৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু ক্ৰীড়াপ্ৰেমীয়ে অংশগ্ৰহণ কৰে।

ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ কৰা এই সমূহীয়া দৌৰত সমজিলা আয়ুক্ত ছুমানী , ক্ৰীড়া সন্থাৰ সভাপতি প্ৰদীপ চমুৱা , সম্পাদক অচ্যুত চত্ৰধৰা , উপ সভাপতি প্রিয় ৰাম ফুকন , টাউন ক্লাৱৰ সভাপতি কেশৱ গগৈ, প্ৰবীণ ক্ৰীড়াবিদ দুলাল পেগু ,কুমুদ বৰুৱা, টাইকোৱান্দু প্ৰশিক্ষক কৃষ্ণ কান্ত গগৈ আদি অৰ্ধ শতাধিক ক্ৰীড়া প্ৰেমীয়ে অংশ লৈ ঢকুৱাখনা নগৰ চাৰিআলি হৈ ৰাজহুৱা খেল পথাৰত সামৰণি মাৰে ।

ক্ৰীড়া দিৱসৰ প্ৰাৰম্ভিক কাৰ্যসূচী সামৰণি মৰাৰ পৰৱৰ্তী সময়ত  বিয়লি ১৭ বছৰ অনুৰ্ধ ফুটবল লীগ খেল প্ৰতিযোগিতা শুভাৰম্ভ কৰা হয় । অহা ২৫ ছেপ্টেম্বৰ পৰ্যন্ত এই  ফুটবল লীগ অনুষ্ঠিত হ'ব বুলি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত চত্রধৰাই জানিবলৈ দিছে ।

এই দিৱসৰ সতে সংগতি ৰাখি যোৱা ২৭ জুলাইৰ পৰা ৩১ জুলাইলৈ গুৱাহাটী নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৪০ সংখ্যক ৰাজ্যিক টাইকোৱানডো  প্ৰতিযোগিতাত ঢকুৱাখনা টাইকোৱানডো একাডেমীৰ পৰা অংশগ্ৰহণ কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা প্ৰতিভাধৰ খেলুৱৈ মাজেদ আলি , সুৰজ কুমাৰ চাহ ,মিনাক্ষী গগৈ আৰু পলি গগৈক জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

ঢকুৱাখনা