অভি-নীল হত্যাকাণ্ডঃ শুনানিৰ দিন ধাৰ্য্য...

ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম বিচাৰ প্ৰক্ৰিয়াৰ শুনানিৰ দিন আদালতে নিৰ্ধাৰণ কৰে। সম্প্ৰতি চূড়ান্ত ৰায়দান দিয়াৰ দিশে বিচাৰ প্ৰক্ৰিয়াই গতি লাভ কৰিছে। 

author-image
Asomiya Pratidin
New Update
bhuiiii

ডিজিটেল সংবাদ, নগাঁও: ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম বিচাৰ প্ৰক্ৰিয়াৰ শুনানিৰ দিন আদালতে নিৰ্ধাৰণ কৰে। সম্প্ৰতি চূড়ান্ত ৰায়দান দিয়াৰ দিশে বিচাৰ প্ৰক্ৰিয়াই গতি লাভ কৰিছে। 

যোৱা ২৬ ফেব্ৰুৱাৰী আৰু শুকুৰবাৰে আদালতে শুনানি গ্ৰহণ কৰিছিল যদিও আচামী পক্ষৰ অধিবক্তা আৰু চৰকাৰী অধিবক্তাই পুনৰ পৃথকে পৃথকে দিন বিচাৰি আদালতক আৱেদন কৰে। অধিবক্তাসকলৰ প্ৰতি সন্মান জনাই আদালতে পুনৰ অহা ৬ মাৰ্চ আৰু ১৩ মাৰ্চত অন্তিম শুনানিৰ দিন ধাৰ্য্য কৰাৰ পাছত চৰকাৰী পক্ষৰ অধিবক্তাগৰাকীয়ে অহা ১৩ মাৰ্চত অন্তিম শুনানি গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰি ইয়াৰ পৰবৰ্তী সময়ত আদালতে এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰিব পাৰে বুলিও মত প্ৰকাশ কৰে।

দুয়ো ভুক্তভোগীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি মন্তব্য আগবঢ়ায়।

অভি-নীল হত্যাকাণ্ড