অভি-নীল হত্যাকাণ্ডৰ শুনানি...

ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ নগাঁও সত্ৰ ন্যায়ধীশৰ আদালতত আৰম্ভ হৈছে। যাৰবাবে এতিয়া গোচৰীয়া পক্ষই সাময়িক সকাহ লাভ কৰিছে। 

author-image
Asomiya Pratidin
New Update
ABHINILLL

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ নগাঁও সত্ৰ ন্যায়ধীশৰ আদালতত আৰম্ভ হৈছে। যাৰবাবে এতিয়া গোচৰীয়া পক্ষই সাময়িক সকাহ লাভ কৰিছে। 

ঘটনাৰ ৪৫ জন অভিযুক্তৰ ভিতৰত ১২ জন আছিল চাক্ষুস সাক্ষী । ইয়াৰে পাঁচজনে সত্যতা স্বীকাৰ কৰাৰ বিপৰীতে অন্য সাতজনে সত্যতা স্বীকাৰ নকৰি গোচৰ প্ৰক্ৰিয়া লেহেমীয়া কৰি তুলিছিল । যাৰ ফলশ্ৰুতিত আদালতে ক্ৰছ একজামিনেছনৰ নিৰ্দেশো প্ৰদান কৰিছিল । 

এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত আজিৰে পৰা ৭ ফেব্ৰুৱাৰীলৈকে আদালতে দুয়োপক্ষৰ যুক্তি-তৰ্কৰ শুনানিৰ দিন ধাৰ্য কৰিছে। এই শুনানিৰ পাছতেই ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ পাণজুৰি গাঁৱত সংঘটিত ঘটনাটোৰ ৰায়দানৰ সম্ভাৱনা আছে। অৱশ্যে গোচৰীয়া পক্ষৰ প্ৰতিৰক্ষাৰ আবেদনৰ ভিত্তিত এই শুনানিৰ দিনৰ সংখ্যা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে । 

আজি আদালতত গোচৰীয়া পক্ষৰ হৈ সবল যুক্তি আগবঢ়াই জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰে। আজিৰ শুনানিত প্ৰয়াত অভিজিৎ নাথৰ পিতৃ অজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসৰ লগতে অভি-নীল স্মৃতিৰক্ষা সমিতিৰ একাংশ সদস্যও উপস্থিত থাকে ।

নগাঁও