/asomiyapratidin/media/media_files/2026/02/05/htryrefef-2026-02-05-08-17-53.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্য কঁপাই যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ গোচৰটো এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। আজিৰে পৰা ৬ আৰু ৭ ফেব্ৰুৱাৰীলৈ নগাঁৱৰ ছেছন আদালতত গোচৰটোৰ অন্তিম শুনানি অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে, শুনানিৰ অন্তত আদালতে গোচৰটোৰ ৰায় প্ৰদান কৰাৰ সম্ভাৱনা আছে। ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙত সংঘটিত হোৱা এই নৃশংস ঘটনাত দুয়ো যুৱক গণ নিগ্ৰহৰ বলি হ’বলগীয়া হৈছিল। এই ঘটনাই সেই সময়ত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/05/bbjbn-2026-02-05-08-19-29.jpg)
দীৰ্ঘদিনীয়া শুনানিৰ পাছত এতিয়া গোচৰটোৰ অন্তিম পৰ্যায়ত উপনীত হোৱাত ন্যায়ৰ অপেক্ষাত থকা পৰিয়াল আৰু সাধাৰণ ৰাইজৰ দৃষ্টি আদালতৰ ৰায়ৰ দিশে নিবদ্ধ হৈ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us