ৰাইডঙীয়াত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত ‘কৃষি তথ্য কেন্দ্ৰ’ মুকলি

এই অনুষ্ঠানত ‘মণিকাঞ্চন’ নামৰ প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰা হয়। শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ সভাপতিত্ব কৰে মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰুৱাই।

author-image
Asomiya Pratidin
New Update
XSDRRRR

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ তত্বাৱধানত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ দ্বাৰা গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি (RAWEP-2025)ৰ অংশ হিচাপে নগাঁও জিলাৰ ৰাইডঙীয়া, বৰ ৰাইডঙীয়া, পহুকটা আৰু ফুলগুৰি গাঁৱৰ কৃষকৰ ক্ষেত্ৰত অধ্যয়ন আৰু প্ৰায়োগিক কাৰ্য আৰম্ভ কৰা হৈছে।

এই আঁচনিৰ অংশ ৰূপে ২৮ গৰাকী কৃষি শিক্ষাৰ্থীৰ উদ্যোগত ৰাইডঙীয়া গাঁও পঞ্চায়ত সভাগৃহত এটা কৃষি তথ্য কেন্দ্ৰ মুকলি কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ শস্য বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ কল্যাণ পাঠকে মাংগলিক কাৰ্যসূচীৰ মাজেৰে কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে।

কেন্দ্ৰটোৰ আকৰ্ষণীয় দিশ হ’ল ভূমি বিজ্ঞান, উদ্যান শস্য, শস্য বিজ্ঞান, উদ্ভিদ ৰোগ, মৌ পালন, জলসিঞ্চন, পতংগ তত্ব, গ্ৰাম্য অৰ্থনীতি, কৃষি সম্প্ৰসাৰণ, মীন পালন, পশু পালন আদি বিভাগৰ বিষয়বস্তুৰ উপস্থাপন। লগতে “কম কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতি”ৰ এক প্রদৰ্শনীৰো আয়োজন কৰা হয়।

অনুষ্ঠানত ড০ কল্যাণ পাঠকে ছাত্ৰ–ছাত্ৰীৰ এই প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে উল্লেখ কৰে যে,  কৃষক ৰাইজে তথ্য কেন্দ্ৰৰ পৰা নতুন প্ৰযুক্তি আৰু সমস্যাৰ সমাধানৰ সঁজুলি লাভ কৰিব। আনহাতে এই সভাত অংশগ্ৰহণ কৰি ড০ সুন্দৰ বৰ্মনে কয়, “ইয়াত ছাত্ৰ–ছাত্ৰীয়ে নিজৰ জ্ঞান অন্বেষণৰ সুযোগ লাভ কৰাৰ লগতে কৃষক–ছাত্ৰৰ মাজত অভিজ্ঞতা বিনিময়ৰ এক কেন্দ্ৰ ৰূপে বিকশিত হ’ব।”

কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ প্ৰধান বিজ্ঞানী ড০ ভবেশ চন্দ্ৰ ডেকাই RAWEP আঁচনিৰ জৰিয়তে উদ্ভাৱনমূলক প্ৰযুক্তি কৃষকৰ মাজত প্ৰচাৰিত হব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত উপস্থিত নগাঁও জিলাৰ কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাই শিক্ষাৰ্থীক প্ৰশংসা কৰি চৰকাৰী আঁচনিৰ বিষয়ে কৃষকসকলক সদৰি কৰে।

এই অনুষ্ঠানত ‘মণিকাঞ্চন’ নামৰ প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰা হয়। শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ সভাপতিত্ব কৰে মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰুৱাই। এই বিশেষ অনুষ্ঠানটোৱে শিক্ষাৰ্থী–কৃষকৰ মাজত জ্ঞান আদান–প্ৰদানৰ নতুন দিগন্ত উন্মোচন কৰে।

কৃষি অসম কৃষি বিশ্ববিদ্যালয় কৃষি বিজ্ঞান