আঠগাঁওৰ ৬০ গৰাকী মহিলাৰ স্বাৱলম্বিতাৰ নিদৰ্শন...

আঠগাঁওৰ ৬০ গৰাকী মহিলাৰ স্বাৱলম্বিতাৰ নিদৰ্শন...

author-image
Asomiya Pratidin
New Update
আঠগাঁওৰ ৬০ গৰাকী মহিলাৰ স্বাৱলম্বিতাৰ নিদৰ্শন...

ডিজিটেল সংবাদ, হাজোঃ অসমৰ জহা চাউলৰ গুৰি বিদেশত ৰপ্তানি কৰাৰ পৰিকল্পনা এজাক অসমীয়া মহিলাৰ। পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগান লৈ কামৰূপৰ আঠগাঁওৰ ৬০ গৰাকী মহিলাৰ স্বাৱলম্বীতাৰ নিদৰ্শন।

উল্লেখযোগ্য বিশ্বৰ বজাৰত অসমৰ জহা চাউলৰ গুৰি বিক্ৰী কৰাৰ পদক্ষেপ হাতত লৈছে এই সকল মহিলাই। চৰকাৰৰ পৰা লাভ কৰা বিভিন্ন সুবিধাৰ লগতে গুৰি কৰা মেচিনৰ জৰিয়তে এই পদক্ষেপ হাতত লোৱা হৈছে।

ইয়াৰ সমান্তৰাল কৈ গাঁও অঞ্চলত উৎপাদন হোৱা সকলো খাদ্য জাতীয় সামগ্ৰী গুৰি কৰি পেকেটৰ জৰিয়তে বজাৰ দখলৰ লক্ষ্য এই সকল মহিলাৰ। মূলত দেশত মহিলা সাৱলীকৰণৰ জৰিয়তে হাজাৰ হাজাৰ মহিলাই বিভিন্ন সুবিধা লাভ কৰিছে চৰকাৰৰ পৰা।

তেনে এক সময়ত কামৰূপৰ আঠগাঁওৰ এই সকল মহিলাই এনেদৰে স্বাৱলম্বী হবলৈ লোৱা দৃঢ় পদক্ষেপ অন্য আৰু দহ গৰাকীৰ আদৰ্শ হৈ পৰিছে।

আঠগাঁও