শিৱসাগৰৰ বিধায়ক অখিল গগৈক আটাছুৰ কঠোৰ সকীয়নি

শিৱসাগৰৰ বিধায়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পূৰ্বতৰ নেতা অখিল গগৈয়ে জনগোষ্ঠীয় সংগঠনে ধন লৈ আন্দোলন কৰে বুলি কৰা অভিযোগক লৈ সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু)য়ে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
CXCXCXCXCXCXC

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ বিধায়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পূৰ্বতৰ নেতা অখিল গগৈয়ে জনগোষ্ঠীয় সংগঠনে ধন লৈ আন্দোলন কৰে বুলি কৰা অভিযোগক লৈ সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু)য়ে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। বিধায়কগৰাকীৰ মন্তব্যক বিভ্ৰান্তিকৰ বুলি উল্লেখ কৰে আটাছুৰ সভাপতি মনোজ গগৈয়ে। 

এই সন্দৰ্ভত সদৌ টাই আহোম ছাত্ৰ সন্থৈই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধন লৈ কৰা আন্দোলনক আটাছুৱে কেতিয়াও সমৰ্থন নকৰে বুলি উল্লেখ কৰে। কৃষক মুক্তি থকা, অখিল গগৈ থকা আন্দোলনত টাই আহোম ছাত্ৰ সন্থা নাই বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰ সংগঠনটোৱে। আনহাতে, মিঞাৰ সমৰ্থক অখিল গগৈয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক বুজি নাপায় বুলি ছাত্ৰ সংগঠনটোৱে উল্লেখ কৰি অখিল গগৈয়ে কেতিয়াও জনজাতিকৰণ কৰিব নোৱাৰে বুলি দৃঢ়তাৰে উল্লেখ কৰে।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি চাও মনোজ গগৈয়ে বিধায়ক অখিল গগৈক ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সংগ্রামখনক শ'লঠেকত পেলোৱাৰ চক্ৰান্ত ৰচনা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। লগতে অত বছৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ ওপৰত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা কৃষক মুক্তি সংগ্রাম সমিতিক এই সংগ্রাম হাইজেক নকৰিবলৈ সকীয়াই দিয়ে।

শিৱসাগৰ