/asomiyapratidin/media/media_files/2025/12/10/451-2025-12-10-20-51-18.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথ : বিশ্বনাথ চাৰিআলিৰ পৰা মণিপুৰ হৈ মিজোৰামলৈ বুলি স্নেহাংকৰ চক্ৰৱৰ্তী আৰু শান্তনু মৰাণে চাইকেলৰে বুধবাৰে যাত্ৰা আৰম্ভ কৰি বিয়লি উপস্থিত হয়হি নগাঁৱত । নগাঁৱত তেঁওলোকৰ এই যাত্ৰাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তেওঁলোকক শুভেচ্ছা প্ৰদান কৰাৰ লগতে এই চাইকেল যাত্ৰাৰ বাবে উৎসাহিত কৰে ৷
উল্লেখযোগ্য যে, দুয়ো ব্যক্তিয়ে সাংবাদক নিগ্ৰহৰ বিৰুদ্ধে সজাগতাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰিছে। এই যাত্ৰাত তেওঁলোকে অতিক্ৰম কৰিব প্ৰায় ১,৭০০ কিলোমিটাৰ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us