/asomiyapratidin/media/media_files/2026/01/02/fdfdfdf-2026-01-02-17-53-40.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ বাক্সাৰ জিলাৰ বাগানপাৰাত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস। শুকুৰবাৰে বাক্সা জিলাৰ বাগানপাৰা ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয় শিল্পী দিৱসৰ লাইখুটা স্থাপন কৰা হয়। অহা ১৬ আৰু ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় শিল্পী দিৱসৰ অনুষ্ঠান।
এই লাইখুটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কংকনজ্যোতি শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পংকজ নাথ,সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাস, সাধাৰণ সম্পাদক ৰুক্ম ৰায়। লগতে উপস্থিত থাকে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ দেৱৰাজ উপাধ্যায়, শিল্পী দিৱসৰ অভ্যাৰ্থনা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে বৃহত্তৰ বাক্সা জিলাৰ ৰাইজ। বাথৌ মন্দিৰৰ মূল পূজাৰীৰ লগতে পূৰহিতৰ মন্ত্ৰ উচ্চাৰণেৰে স্থাপন কৰা হয় লাইখুটা। সমূহ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us