/asomiyapratidin/media/media_files/2026/03/06/whatsapp-image-2026-2026-03-06-20-07-22.jpeg)
ডিজিটেল ডেস্কঃ ২০১৭ চনৰ আজিৰ দিনটোতে (৬ মাৰ্চ) ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছিল চিলাপথাৰ কাণ্ড। 'নিব্বাচ' নামৰ কুখ্যাত সংগঠনটোৰ নেতৃত্বত এই দিনটোতে হিন্দু বাংলাদেশী নাগৰিকত্ব প্ৰদানৰ দাবীত বিশাল জনসভা আয়োজন কৰি চিলা জনজাতি হাইস্কুলৰ খেলপথাৰত এক বিশাল সমদল বাহিৰ কৰিছিল। সেই সমদলে অসম বিৰোধী শ্ল’গান দিয়াতে ক্ষান্ত নাথাকি চিলাপথাৰ আছুৰ কাৰ্যালয়লৈ আহি সমদলকাৰীয়ে আকস্মিক ভাৱে শিলাবৰ্ষণ কৰিছিল শ্বহীদ বেদীত।
উক্ত অভিশপ্ত দিনটোৰ পাছৰ পৰাই বহিৰাগত অপশক্তিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ আছুৰ উদ্যোগত অনুষ্ঠিত হৈ আহিছে "সংকল্প দিৱস" শীৰ্ষক বিশেষ কাৰ্যসূচী।
আজিও পুৱাৰ পৰাই উদুলি মুদুলি হৈ পৰে শ্বহীদ ভৱন। শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন পিছতে উলিওৱা হ'ল এক বিশাল সমদল।
উল্লেখ্য যে, এই সংকল্প দিৱসৰ কাৰ্যসূচীত আমন্ত্ৰিত শিল্পীসকলৰ দিহানাম পৰিৱেশনৰ পাছতে কৌটি কলীয়া সম্প্ৰীতি অপশক্তিয়ে ভৱিষ্যতে যাতে বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে সজাগ হ'বলৈ আহ্বান জনাই সংকল্প ল'লে বিভিন্ন সংগঠনৰ লগতে স্থানীয় ৰাইজে। ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিলাপথাৰ আঞ্চলিকৰ সহযোগত অনুষ্ঠিত কাৰ্য্যসূচীত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ কৰ্ম কৰ্তাৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/06/whatsapp-image-2026-03-06-20-07-37.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us