গোলকগঞ্জত আছুৰ বিক্ষোভ কাৰ্যসূচী

অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰে অবৈধ বিদেশী প্ৰবজন সমস্যাৰ সমাধানৰ দাবীত এই বিক্ষোভ প্রদর্শন কৰা হয় ........

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধুবুৰীঃ  সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ আহ্বানত আৰু সদৌ ধুবুৰী জিলা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি ধুবুৰী জিলা আছুৱে গোলকগঞ্জত এক বিক্ষোভ কাৰ্যসূচী পালন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰে অবৈধ বিদেশী প্ৰবজন সমস্যাৰ সমাধানৰ দাবীত এই বিক্ষোভ প্রদর্শন কৰা হয়। 

সদৌ গোলকগঞ্জ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বিক্ষোভ সমদল ওলাই অসম চুক্তি ৰূপায়ণ কৰক,  বিজেপি চৰকাৰ হুঁ‌চিয়াৰ, কা আমি নামানো, অসম চৰকাৰ হায় হায়, আদি শ্ল'গান দি আছুৰ প্ৰতিবাদী সমদল টোৱে গোলকগঞ্জৰ সম জিলা কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

আছু