/asomiyapratidin/media/media_files/2025/08/08/45-2025-08-08-22-37-57.jpg)
ডিজিটেল সংবাদ,ধেমাজি : অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্বৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশনাৰ বিৰোধিতাৰ দাবীত শুক্ৰবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰদান কৰা নিৰ্দেশনাৰ প্ৰতিলিপি
দাহ কৰে ধেমাজি জিলা ছাত্ৰ সন্থাই ৷
ধেমাজি সদৰ আৰক্ষী থানা তিনিআলিত অনুষ্ঠিত হোৱা প্ৰতিলিপি দাহ কাৰ্যসূচীৰ পূৰ্বে প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ গ'বেক, অসমৰ পৰা বিদেশী বিতাড়ন কৰিবই লাগিব , অসম চুক্তি আখৰে আখৰে পালন কৰক , ১৯৭১ চনৰ পিছত অসমলৈ অহা লোক সকলক বহিষ্কাৰ কৰিবই লাগিব ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদকৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷