/asomiyapratidin/media/media_files/2025/09/26/xsdsdsdsadsada-2025-09-26-23-31-27.jpg)
ডিজিটেল ডেস্কঃ ধুবুৰী জিলাৰ চাপৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি উলিয়াই প্ৰতিবাদী সমদল। চাপৰৰ গান্ধী ময়দানৰ পৰা চাপৰ বজাৰলৈ উলিওৱা হয় এই সমদল।
কেইবা শতাধিক লোকে হাতে হাতে মমবাতি লৈ শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰক, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰক, ছিংগাপুৰত যোৱা প্ৰতি গৰাকী লোকক তদন্তৰ আওতাত আনক, WE WANT JUSTICE আদি বিভিন্ন শ্লোগানেৰে চাপৰৰ আকাশ বতাহ কঁপাই তোলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/26/capturecsdfdfsds-2025-09-26-23-33-25.jpg)
"অসমৰ সম্পদ অসমৰ হীৰা জুবিন গাৰ্গক। তাৰ পিছত জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত অহাটো দুৰ্ভাগ্যজনক অসম চৰকাৰক লজ্জা কৰা উচিত।" অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি এনেদৰে চোকা সমালোচনা কৰে আছুয়ে। জুবিন গাৰ্গৰ মৃত্যুক লৈ হেতালি খেলা বন্ধ কৰক অন্যথা অসম চৰকাৰে ৮৫ চনৰ আন্দোলন দেখিবলৈ পাব বুলি চৰকাৰক ভাবুকি প্ৰদান কৰে সংগঠনটোৱে।
একেদৰে সমগ্ৰ ৰাজ্যৰ লগতে সন্ধিয়া ধেমাজিতো ধেমাজি জিলা আছুৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি নগৰখনত মম শিখা সমদল কাৰ্যসূচী ৰূপায়ণ কৰে৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় পাঁচ শতাধিক ৰাইজে নগৰখনৰ শ্বহীদ বেদী থানা তিনিআলি প্ৰাংগণৰ পৰা ধেমাজি চাৰি আলিলৈকে বাহিৰ কৰে ৷
প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। এই সমদলৰ পাছতে প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে আছুৱে ৷ প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিপক শৰ্মা, জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস আৰু ধেমাজি শিল্পী সমাজৰ হৈ বিশিষ্ট কণ্ঠ শিল্পী গৌতম কোঁৱৰে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে ৷
সমান্তৰালভাৱে, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাইহাটা চাৰিআলিৰ মাজমজিয়াত আজি মমশিখা সমদল যাত্ৰা অনুষ্ঠিত কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/26/capturfddfd-2025-09-26-23-23-41.jpg)
সমদল যাত্ৰাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক লোকে।