বৰপথাৰত আছুৰ ১ ঘন্টীয়া পথ অৱৰোধ…

বৰপথাৰত আছুৰ ১ ঘন্টীয়া পথ অৱৰোধ…

author-image
asomiyapratidin
New Update
বৰপথাৰত আছুৰ ১ ঘন্টীয়া পথ অৱৰোধ…

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বিধস্ত হৈ পৰা বাট পথ সমূহ শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীত দেওবাৰে বৰপথাৰ , বিলগাঁও, টেঙানী, গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ১ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। ধনশিৰি মহকুমাৰ সকলো বাট পথৰ দুৰৱস্থাই বাৰুকৈয়ে জীয়াতু ভোগাই আহিছে ধনশিৰি মহকুমাবাসীক ।  

Advertisment

বৰপথাৰ উৰিয়ামঘাট ৰেংমা সংযোগী পথ, শিলনীজানৰ পৰা বৰপথাৰ হৈ সৰুপথাৰ সংযোগী পথ, টেঙানী ফৰেষ্ট আলি আৰু ভূজৰ আলি পথ, ঘনশ্যাম বৰুৱা পথ, বৰপথাৰ জামুগুৰি সংযোগী NCC পথৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ দাবীত ছাত্ৰ সন্হাই ১ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। চৰকাৰে এই পথচোৱা অতি সোনকালে নিৰ্মাণ নকৰিলে অনাগত দিনত ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ।

এবছৰৰ আগত শিলনীজানৰ পৰা সৰুপথাৰ সংযোগী ১৯ কি মি পথটি গঢ়কাপ্টানী বিভাগে CCL নামৰ বহিৰাগত পথ নিৰ্মাণকাৰী সংস্থাটোক ২১ কোটি টকাৰ নিবিদা প্ৰদান কৰিছিল কিন্তু এবছৰ নৌ হওঁতেই পথটি জহি যোৱাৰ উপক্ৰম হৈছে । সেই পথটিও অতি শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ।ইতিমধ্যে অৱৰোধস্থলিত মহকুমাৰ দণ্ডাধীশ আৰু সৰুপথাৰ গঢ়কাপ্টানী বিভাগৰ বিষয়া আহি অতি শীঘ্ৰে পথসমূহ জৰাজীৰ্ণ পথসমূহ মেৰামতি আৰু নিৰ্মাণ কৰা হব বুলি আশ্বাস প্ৰদান কৰে।