জজ খেলপথাৰৰ পৰা আছুৰ সভাপতি উৎপল শৰ্মাই দিলে সময়োপযোগী ভাষণঃ সৰ্বত্ৰে চৰ্চা

ঐতিহ্যমণ্ডিত জজ খেলপথাৰত অনুষ্ঠিত মুকলি বিহুত আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই দিয়া ভাষণ ৰাজ্যজুৰি চৰ্চিত হৈছে। তেওঁৰ সময়োপযোগী ভাষণে দিনে চিন্তাৰ উদ্ৰেক।

author-image
Tushar Pratim
New Update
জজ খেলপথাৰৰ পৰা আছুৰ সভাপতি উৎপল শৰ্মাই দিলে সময়োপযোগী ভাষণঃ সৰ্বত্ৰে চৰ্চা

ডিজিটেল ডেস্কঃ ‘’পাহাৰ বগাই বগাই কপৌফুল আনি দিয়াৰ পৰিবেশ নাই সেয়া বুজি পাইছো। কিন্তু কলিকতাৰ অৰ্কিড গাৰ্ডেনত কোনোবা অনা-অসমীয়া বেপাৰীয়ে কৰা খেতিৰ কপৌফুল যদি আমি ইয়াত ১০০ টকাত প্ৰতিপাহ কিনিব লগীয়া হয় তেন্তে আমাৰ জাতিটোৰ অৰ্থনীতিৰো ক্ষতি হ’ব৷’’

Advertisment

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহ্যমণ্ডিত জজ খেলপথাৰত অনুষ্ঠিত মুকলি বিহুত আজি এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। আছুৰ সভাপতিগৰাকীয়ে আজি জজ খেলপথাৰৰ পৰা দিয়া ভাষণ ৰাজ্যজুৰি চৰ্চাৰ মাজত আছে।

ৰাজ্য চৰকাৰৰ হিতাধিকাৰী আঁচনি সৰ্বস্ব উন্নয়নৰ বাবে জাতিটো এটা হিতাধিকাৰী সৰ্বস্ব জাতিলৈ ৰূপান্তৰিত হোৱাৰ আশংকা কৰা শৰ্মাই আজিৰ ভাষণত কয়, “আমি হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছোঁ। বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি, আমাৰ কৃষ্টিৰ সম্পৰ্ক আছে, তেনে প্ৰেক্ষাপটত আমি এনে এটা জাতি গঢ়িবলৈ গৈ আছোঁ, যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে। তেওঁ কয়, আমি কাৰোবাক পইচা দিলে বেয়া নাপাওঁ, কিন্তু হাতে হাতে কাম দি কামৰ বিনিময়ত পইচা দিয়ক।”

ভাষণত তেওঁ কয়, "বিহু কেৱল সংস্কৃতিৰ সৈতেহে যে জড়িত হৈ আছে এনে নহয়৷ বিহুৰ লগত কৃষকৰ সম্পৰ্ক আছে৷ অসমৰ শিপিনীৰ সম্পৰ্ক আছে, কৃষকৰ ভঁৰালৰ সম্পৰ্ক আছে। আমি বিহুত আগবঢ়াই দিয়া বিহুৱানখন অসমীয়া শিপিনীৰ তাঁতশালৰ ন'হৈ যদি হায়দৰাবাদ বা মাদ্ৰাজ নাইবা আন কৰ’বাৰ পৰা অহা বিজতৰীয়া গলবস্ত্ৰ হয়, তেন্তে ইয়াৰ ফলত কেৱল আমাৰ সংস্কৃতিৰেই ক্ষতি হ’ব এনে নহয়, আমাৰ জাতিটোৰ অৰ্থনীতিৰো ক্ষতি হ’ব।”

ভাষণৰ আৰম্ভণিতে জজ খেল পথাৰৰ আছুৰ এই মুকলি বিহুৰ তাৎপৰ্যও ব্যাখ্যা কৰে। ভাষণৰ আৰম্ভণিতে তেওঁ বিহুক ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰূপে স্বীকৃতি দিবৰ বাবে পদক্ষেপ ল’বলৈ চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰে। উৎপল শৰ্মাই কয়, “আমি বিহুতলীৰ পৰাই চৰকাৰক দাবী জনাওঁ যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে ইউনেস্ক’ৰ 'ইনটেনজিবল কালচাৰেল হেৰিটেজ'ৰ তালিকাত অসমৰ বিহুও সন্নিৱিষ্ট হ’ব লাগে।”

আছুৰ সভাপতিগৰাকীয়ে কয়, গুজৰাটৰ গৰ্বা নৃত্য যদি তাত অন্তৰ্ভুক্ত হ’ব পাৰে, মহাকুম্ভ মেলা যদি তাৰ অংশ হ’ব পাৰে, তেতিয়াহ’লে আমাৰ বাপতিসাহোন বিহুটি, অসমৰ ভাওনা সংস্কৃতি বিশ্ব সাংস্কৃতিক ঐতিহ্যৰ অংশ হোৱাত কোনো বাধা থাকিব নোৱাৰে৷ সেয়ে চৰকাৰক এইক্ষেত্ৰত পদক্ষেপ ল’বলৈ আমি আহ্বান জনাইছোঁ।”

আনহাতে, শিলচৰৰ অসম বিশ্ববিদ্যালয়ত বিহুৰ বন্ধ নথকাৰ প্ৰসংগত উদ্বিগ্নতা প্ৰকাশ কৰি উৎপল শৰ্মাই কয়, “আমি পাতিব লাগিছিল ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ কথা, আমি পাতিবলগীয়া হৈছে অসমতে বিশ্ববিদ্যালয়ত বিহুৰ বন্ধ দিছেনে নাই সেই কথা৷ কিমান দুৰ্ভাগ্যজনক কথা এয়া জাতিটোৰ কাৰণে?"

অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই জজ খেল পথাৰৰ মুকলি বিহুৰ ঐতিহ্যৰ কথা উল্লেখ কৰি কয়,অসম আন্দোলনৰ সময়ত এক সাংস্কৃতিক শোভাযাত্ৰাৰে এই অনুষ্ঠানৰ আৰম্ভণি হৈছিল। সেই বছৰতে ড৹ ভূপেন হাজৰিকা, ক্ষিৰোদা কান্ত বিষয়া আদিকে ধৰি বহুকেইগৰাকী বৰণ্য ব্যক্তিয়ে এই সাংস্কৃতিক শোভাযাত্ৰাৰ নেতৃত্ব দিছিল।
উল্লেখ্য যে, পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰো আছুৱে এই অনুষ্ঠানতে ৰাজ্যক গৌৰৱাম্বিত কৰা ৩১ গৰাকী অসমীয়াক সম্বৰ্ধনা জনায়।

এইসকলৰ ভিতৰত অন্যতম আছিল পদ্মভূষণ বঁটা প্রাপক নৃত্যাচার্য যতীন গোস্বামীও। তাৰোপৰি আছুৱে সম্বৰ্ধনা জনাই পদ্মশ্রী ড৹ অনিল বড়ো, জয়নাচাৰণ বাথাৰী, গীতা উপাধ্যায়, সাহিত্য অকাডেমী বঁটা প্রাপক অৰণৰাজা বসুমতাৰী, ড৹ দীপক কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্রাপক কুলনন্দিনী মহন্ত, হিৰণ্ময় গগৈ, ভাস্কৰ হাজৰিকা, সুনীল আগৰৱালা, শ্যাম বৰা, ড৹ পাৰ্থসাৰথি মহন্ত, ইন্দ্রানী বৰুৱা, মীনা মহন্ত, ড৹ ববী শৰ্মা বৰুৱা, বসন্ত কুমাৰ বৰুৱা, সুলক্ষণা বৰুৱা, ৰাতুল ডেকা, নবপন ডেকা, মালা বৰুৱা, সাহিত্য অকাডেমী অনুবাদ বঁটা প্রাপক উত্তৰা বিছমুথিয়াৰী, বাসুদেৱ দাস, অঞ্জন শর্মা, সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা প্রাপক বন্ধু হাজৰিকা, ভাৰ্জিন জেকোভা মুছাহাৰী, সাহিত্য অকাডেমী যুৱ বঁটা প্রাপক ছেলফ মেদ ৰাণী বড়ো আৰু সুতপা চক্রবর্তী।

 

 

উৎপল শৰ্মা আছু