শিৱসাগৰত আছুৰ কৰ্মী সভা সম্পন্ন...

মঙলবাৰে শিৱসাগৰ যুৱদলত জিলা ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ কৰ্মী সভা অনুষ্ঠিত হয় ।ছাত্ৰ সন্থাৰ কেইবা শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা , সাধাৰণ সম্পাদক সমীৰণ ফুকনকে ধৰি কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
web aasu

ডিজিটেল সংবাদ, শিৱসাগৰ : মঙলবাৰে শিৱসাগৰ যুৱদলত জিলা ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ কৰ্মী সভা অনুষ্ঠিত হয় ।ছাত্ৰ সন্থাৰ কেইবা শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা , সাধাৰণ সম্পাদক সমীৰণ ফুকনকে ধৰি কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে। 

সংবাদ মাধ্যমৰ আগত মেহমুদ মৌলানা মাদানীৰ বিৰুদ্ধে সৰৱ হৈ পৰে উপদেষ্টা ড° সমুজ্জুল কুমাৰ ভট্টাচাৰ্য । তেওঁ কয়
অসম আন্দোলনৰ সময়ৰ পৰাই বাংলাদেশী বিষয়টোক এচামে ৰহণ সানি হিন্দু মুছলমানৰ মাজত উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে । মেহমুদ মৌলানা মাদানী অবৈধ বাংলাদেশীৰ ৰক্ষক, মৌলবাদীৰ ৰক্ষক । 

তেওঁ আৰু কয় কেইদিনমানৰ আগতে এগৰাকী মহিলা আহি বাংলাদেশীৰ সমৰ্থনত কথা কৈ গ'ল । অসমৰ মাটিত আহি ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে , অবৈধ বাংলাদেশীক সমৰ্থন কৰিছে। এই সকলৰ বিৰুদ্ধে চৰকাৰ, আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল'ব লাগে যদিও ব্যৰ্থ হৈছে।


আনহাতে এই সভাত সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় -  কংগ্ৰেছ সদায়েই অবৈধ প্ৰব্ৰজনকাৰীৰ পক্ষত থকাৰ কথা নতুন নহয় ৷ কংগ্ৰেছ অবৈধ বাংলাদেশীৰ ৰক্ষক। বিৰোধী দলপতি দেবব্রত শইকীয়াই কি মন্তব্য কৰিছে সেইয়া বিচাৰ্যৰ বিষয় নহয় ।

অসমীয়া জাতি নিজৰ আত্মসন্মান আত্মমৰ্য্যদাৰে সদায় জীয়াই থাকিব । মাদানীৰ মন্তব্যক কোনেও গুৰুত্ব নিদিয়ে । মাদানী উচ্ছেদিত লোকৰ কাষত মানৱীয় দৃষ্টিকোণেৰে থিয় দিছে তাত কবলগীয়া একো নাই । কিন্তু  অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ কোনোবাই চেষ্টা কৰিব তাক হ’বলৈ দিয়া নহ’ব।

তেওঁ আৰু কয়- অসমত এটা তৃতীয় পক্ষই সদায়েই চেষ্টা  কৰি আহিছে । কিন্তু অসমৰ মানুহে জানে কি কৰিব লাগে কাক গুৰুত্ব দিব লাগে ।  অসমৰ সত্ৰ,নামঘৰ ,বনাঞ্চলত অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলিবই লাগিব । চৰকাৰে বাংলাদেশী মৌলবাদীৰ বিশেষ গোট গঠন কৰি ব্যবস্থা গ্ৰহণ কৰক ।

একেদৰে আছুৰ সভাপতি উৎপল শৰ্মাই কয়- অসম চুক্তিৰ ১০ নং দফাত স্পষ্টভাৱে বেদখল আৰু উচ্ছেদৰ বিষয়ে উল্লেখ আছে । অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত থাকিবই লাগিব । চুক্তি স্বাক্ষৰ হোৱাৰ ৪০ বছৰত দিল্লী-দিছপুৰৰ চৰকাৰ সমূহে যদি বিদেশী বিতাড়নৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰিলেহেঁতেন এই সমস্যাৰ উদ্ভৱ আজি হয়তো নহ'লহেঁতেন।

উচ্ছেদিতসকলৰ মাজত যদি বৈধ ভাৰতীয় নাগৰিক আছে তেন্তে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰক ।সেই কথাত আমাৰ সমৰ্থন আছে । কিন্তু ভূমিহীন হোৱাৰ সুযোগ গ্ৰহণ কৰি বৰপেটাৰ পৰা আহি শিৱসাগৰত শ শ বিঘা ভূমি দখল কৰিব সেইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় । বৰপেটাৰ মানুহক বৰপেটাতে সংস্থাপন দিব লাগিব । অসমৰ বাবে মাদানী বা মাদানীৰ ব্যক্তব্য গুৰুত্বপূৰ্ণ নহয় বুলি মন্তব্য কৰে সভাপতি শৰ্মাই ।

আছু