/asomiyapratidin/media/media_files/2025/09/03/samiran-3-2025-09-03-16-23-27.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন(কা)ৰ জৰিয়তে নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ অধিসূচনা জাৰি কৰি নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমা ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পৰিবৰ্তে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে।
আজি এই সন্দৰ্ভত শিৱগাসৰত এক সংবাদ মেল সম্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰন ফুকনে। সংবাদ মেলত ফুকনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় অসমে ‘কা’ মনা নাছিল। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তও নামানে৷
তেওঁ আৰু কয়, কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এই অধিসূচনাই অসম আৰু অসমীয়াৰ আবেগক নসাৎ কৰিছে ৷ দেশৰ আন অঞ্চলতকৈ অসমৰ পৰিবেশ সুকীয়া। ইতিমধ্যে বিদেশীৰ ২০ বছৰৰ বোজা অসমে লৈছে।
ফুকনে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ক এই সিদ্ধান্ত শীঘে বাতিল কৰাৰ বাবে অসম চাকাৰক দাবী জনাবলৈয়ো আহ্বান জনাইছে। তাৰোপৰি এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে আছুৱে সমগ্ৰ ৰাজ্যতে সত্যাগ্ৰহৰ দৰে কাৰ্যসূচী আৰম্ভ কৰিছে বুলিও জনাইছে।
তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমক আতঁৰাই নাৰাখিলে শীঘে সদৌ অসম ছাত্ৰ সন্থাই প্ৰবল প্ৰতিৰোধ গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে৷