Advertisment

চ্যুকাফা সমন্বয় ক্ষেত্ৰত আৰম্ভ হ'ল আছুৰ বাৰ্ষিক সাধাৰণ সভা...

সাধাৰণ সভাতে নিৰ্বাচিত হ'ব আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক। উক্ত কাৰ্যসূচী উপলক্ষে শিৱসাগৰত সমৱেত হৈছে আছুৰ নেতৃত্ব সকল। তলাতল ঘৰ প্ৰাংগণৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম দিনাৰ কাৰ্যসূচী।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ো্ে্ে্্্

ডিজিটেল ডেস্কঃ  ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা। এই সাধাৰণ সভাতে নিৰ্বাচিত হ'ব আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক। উক্ত কাৰ্যসূচী উপলক্ষে শিৱসাগৰত সমৱেত হৈছে আছুৰ নেতৃত্ব সকল। তলাতল ঘৰ প্ৰাংগণৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম দিনাৰ কাৰ্যসূচী।

Advertisment

সোমবাৰে সমন্বয় ক্ষেত্ৰ মুকলি কৰাৰ পাছতে ডেৰ ঘন্টা পলমকৈ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পাছতে আজিৰ কাৰ্যসূচী অনুসৰি সাংস্কৃতিক অভিবাদন মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। লগে লগে ছহিদ তৰ্পণ কাৰ্যসূচী সম্পন্ন হয়।

আজি দিনৰ ভাগত সদৌ অসম ভিত্তিত কুইজ আৰু বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে আজি অনুষ্ঠিত হ'বলগীয়া মুখ্য কাৰ্যসূচী হৈছে প্ৰতিনিধি সভা । দুপৰীয়াৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰতিনিধি সভাতে নিৰ্বাচিত হ'ব আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক।

উল্লেখ্য যে, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ পদত্যাগৰ পিছৰে পৰা স্থায়ী পদটো খালী হৈ আছে । চাৰ্জুন হাঞ্চেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে যদিও স্থায়ী পদটোক লৈ জল্পনা-কল্পনা অব্যাহত আছে।

দুদিনীয়া কাৰ্যসূচীৰে আনুষ্ঠিত হোৱা এই সাধাৰণ সভাৰ ২৮ জানুৱাৰীত অনুষ্ঠিত হ'ব সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতিগ্ৰন্থ উন্মোচন লগতে সদৌ অসম ভিত্তিত কবিতা আবৃত্তি প্ৰতিযোগিতা। দ্বিতীয় দিনাৰ কাৰ্যসূচীত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব শিল্পী জুবিন গাৰ্গে।

আছু