/asomiyapratidin/media/media_files/2025/09/08/new-ap-web-1-21-2025-09-08-11-55-39.jpg)
জিটেল ডেস্কঃ ৰাজ্যৰ সৰ্বত্ৰে উদযাপিত হোৱাৰ দৰেই আজি গুৱাহাটীতো সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে। দীঘলীপুখুৰীপাৰত সুধাকণ্ঠই নিজেই উন্মোচন কৰা তেওঁৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলিৰে অনুষ্ঠিত হয় এই জন্মদিনৰ কাৰ্যসূচী।
ৰাজ্য চৰকাৰৰ দৰে সদৌ অসম ছাত্ৰ সন্থায়ো আজি এই অনুষ্ঠানৰ জৰিয়তেই সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। তাৰোপৰি উপস্থিত থাকে আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনো।
এই অনুষ্ঠানতে ১০০ গৰাকী-ছাত্ৰীৰ লগতে উপস্থিত গুণমুগ্ধই ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক সুধাকণ্ঠৰ কালজয়ী গীত পৰিবেশন কৰে। সন্ধিয়ালৈ অসমৰ প্ৰতিখন জিলাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে ইয়াতে গীত পৰিৱেশন কৰিব বুলিও আছু নেতৃত্বই প্ৰকাশ কৰে।
ইফালে অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ভূপেনদাৰ আজি জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি গোটেই অসমৰ প্ৰতিখন জিলাৰ সদৰত ছাত্ৰ সন্থাৰ উদ্যোগত ভূপেনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। ৰাজ্যজুৰি প্ৰতিখন জিলাত ১০০ গৰাকীকৈ যুৱক-যুৱতী, পুৰুষ মহিলা, শিল্পী সকলো একত্ৰিত হৈ ‘মানুহে মানুহে’ গীতটি গাই ভূপেনদালৈ শ্ৰদ্ধাঞ্জলি জনাইছে।
তেওঁ কয়, ভূপেনদা কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু ভূপেনদাৰ সৃষ্টি আৰু চিন্তা এইসকলোকে আমি হৃদয়ত লৈ জাতীয় জীৱনক আগুৱাই লৈ যাব লাগিব। কাৰণ ভূপেনদাৰ চিন্তা আৰু সৃষ্টিতেই আমাৰ জাতীয় জীৱনৰ বাট আছে। তেওঁ কয়, ভূপেনদাৰ সৃষ্টি আৰু মাত তাতেই আছে জাতীয় জীৱনৰ বাট।
ভট্টাচাৰ্যই আৰু কয়, ভূপেনদাৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি বছৰজোৰা কাৰ্যসূচী যুগুত কৰিছো। ভূপেনদাৰ সৈতে সান্নিধ্য লাভ কৰা ১০০ গৰাকী ব্যক্তিৰ লিখনিৰে এখন স্মাৰক গ্ৰন্থ প্ৰকাশ হ’ব, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ত বিভিন্ন কাৰ্যসূচী হাতত লৈছো আৰু কি কি কাৰ্যসূচী ল’ব পাৰি এই বিষয়ত আমি ৰাইজৰ পৰা দিহা পৰামৰ্শ বিচাৰিছো। কিছুমান কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই নিজাববীয়াকৈ পালন কৰিম, কিছুমান কাৰ্যসূচীত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে আমি আগবাঢ়িম।
আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, যিগৰাকী শিল্পীয়ে গোটেই জীৱন অসমৰ জাতীয় জীৱন সমৃদ্ধ কৰিবলৈ কাম-কাজ কৰি থৈ গ’ল সেই ব্যক্তিগৰাকীক এটা কৃতজ্ঞ জাতি হিচাপে অসমৰ চোকে, কোণে সকলোৱে সোঁৱৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ড০ ভূপেন হাজৰিকাৰ অন্তৰৰ সম্পৰ্ক আছে। জীৱন কালৰ পৰাই ড০ ভূপেন হাজৰিকাক সদৌ অসম ছাত্ৰ সন্থাই উদযাপন কৰিছিলো। গতিকে তেখেতৰ অবৰ্তমানতো আজিৰ এই জন্ম শতবাৰ্ষিকীৰ শুভক্ষণত সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে।
তেওঁ আৰু কয়, ‘মানুহে মানুহৰ বাবে’ গীতটোৰ এটা পটভূমি আছে। ভাষা আন্দোলনৰ সময়ত ১৯৬০ চনত যেতিয়া অসমীয়া ভাষী-বঙালী ভাষী মানুহৰ মাজত সংঘৰ্ষ হৈছিল তেনে পটভূমিত ভূপেন হাজৰিকাই এই গীত ৰচনা কৰি মানৱতাৰ বাৰ্তা দিছিল। আমি তেখেতৰ জন্ম দিৱস, মৃত্যু দিৱসত সদায় এটা কথা গভীৰ উপলব্ধিৰে কৈ আহিছো ড০ ভূপেন হাজৰিকাদেৱে গোটেই জীৱন অসমীয়া জাতিক নিজৰ বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছিল।
তেওঁ কয়, ড০ ভূপেন হাজৰিকা একে উশাহতে এজন অসমীয়া আছিল, এজন ভাল ভাৰতীয় আছিল, বিশ্বনাগৰিক আছিল। যলৈকে গৈছিল অসমৰ চিন্তা মনত ৰাখিছিল। ভূপেন হাজৰিকাদেৱক জীয়াই ৰাখিবলৈ আৰু কিছু কৰণীয় আছে। আমি কওঁতে কওঁতে শিল ক্ষয় যোৱাৰ দৰে এতিয়া ডিব্ৰুগড় বিমান কোঠটো তেখেতৰ নামেৰে নামকৰণ কৰা হ’ল। কিন্তু ভূপেন হাজৰিকা দেৱক আমি জল, স্থল, আকাশে সৰ্বত্ৰে চাব বিচাৰো।
আজি স্বামী বিবেকানন্দৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত যদি সমগ্ৰ ভাৰতত বিবেক এক্সপ্ৰেছ চলাব পাৰে তেতিয়াহলে ভূপেন হাজৰিকা দেৱৰ নামত এখন ট্ৰেইন কিয় হ’ব নোৱাৰে বুলিও শৰ্মাই প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, আমি বিচাৰো ভাৰত বৰ্ষৰ প্ৰতিটো প্ৰান্তৰ লোককে সামৰি যাব পৰাকৈ ড০ ভূপেন হাজৰিকা দেৱৰ নামত এখন ট্ৰেইনৰ সূচনা কৰিব লাগে আৰু নেচনেল ৱাটাৰৱে’ছ-২ যিটো শদিয়াৰ পৰা ধুবুৰীলৈকে সেইটো ড০ ভূপেন হাজৰিকা দেৱৰ নামাত নামাকৰণ কৰিবলৈ আমি আহ্বান জনাইছো।
তেওঁ আৰু কয়, ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ আজি সমন্বয় ক্ষেত্ৰ হিচাপে নামাকৰণ কৰিছে চৰকাৰে, ভাল পাইছো। কিন্তু সমাধি ক্ষেত্ৰ গঠন কৰাৰ সময়ত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মনত, সকলোৰে মনত যি ধাৰণা আছিল সেই ধাৰণা প্ৰতিফলিত হৈছে নে নাই? আমি সকলোৱে বিচাৰিছিলো যে, ড০ ভূপেন হাজৰিকাৰ সমাধিকক্ষেত্ৰ এইধৰণে গঢ়িব যাতে তাত উপস্থিত হৈ যিকোনো প্ৰজন্মৰ এজন ব্যক্তিয়ে তেখেতৰ সৃষ্টিৰাজিক উপলব্ধি কৰিব পাৰে।
বাহিৰৰ পৰা অহা কোনো গৱেষকে গৱেষণা কৰিব পৰাকৈ যাতে তাত সমলসমূহ বিচাৰি পায়। কিন্তু সেয়া হৈ উঠা দেখা নগ’ল। এটা ঠেক পৰিবেশৰ মাজত ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ সুক্ষ্মভাৱে নিৰ্মাণ কৰি থৈ দিলে। গতিকে চৰকাৰলৈ আমাৰ মুকলি আহ্বান- সমাধিক্ষেত্ৰতো আহল-বহলভালে নিৰ্মাণ কৰিব লাগে। তাৰোপৰি তেওঁ মানৱতাৰ বাৰ্তা থকা ‘মানুহে মানুহৰ বাবে’ গানটো অসমৰ শিক্ষানুষ্ঠানৰ পুৱাৰ প্ৰাৰ্থনাত বাধ্যতামূলক কৰিবলৈয়ো চৰকাৰলৈয়ো আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us