/asomiyapratidin/media/media_files/2025/08/16/gfgfgfgfg-2025-08-16-19-02-19.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্র সন্থাৰ। মাজবাটত বিজেপিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশাল বাইক ৰেলী উলিয়াই ছাত্র সংগঠনটোৱে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/16/capturebbbbb-2025-08-16-19-07-37.jpg)
জনজাতিকৰণ, ভূমিপত্তা প্রদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি বিষয়ত চৰকাৰখনে চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্তাপন কৰে ছাত্ৰ সংগঠনটোৱে। জনজাতীয় পৰিক্ৰমা মন্ত্রী ৰূপেশ গোৱালাৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰে আছাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/16/capturevvvvvvvvv-2025-08-16-19-08-04.jpg)
ইফালে বিটিআৰ পৰিষদীয় নির্বাচনত এইবাৰ বিজেপিক কোনো কাৰণতে বাগান অঞ্চলত সোমাব নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। আছাৰ জিলা সভাপতি বাবুল পাইকে উল্লেখ কৰে যে, এইবাৰ বিজেপিৰ বিৰুদ্ধে আছাই কৰিব গণতান্ত্রিক যুঁজ। আদিবাসীক কৰা প্রতাৰণাৰ ফল এইবাৰ বিটিআৰত বিজেপিয়ে ভূগিব বুলি হুংকাৰ আছা নেতৃত্বৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us