'মন্ত্ৰী অশোক সিংহল মুৰ্দাবাদ' ধ্বনিৰে ঢেকিয়াজুলিত আদিবাসী ছাত্ৰ সন্থাৰ বৃহৎ বাইক ৰেলী

আজি আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰ হাই হাই, মন্ত্ৰী অশোক সিংহল মুৰ্দাবাদ, অশোক সিংহল গ'বেক আদি ধ্বনিৰে ঢেকিয়াজুলিৰ পৰিৱেশ উত্তাল কৰি তোলে। 

author-image
Asomiya Pratidin
New Update
GRGTEDFSD

ডিজিটেল সংবাদ, তেজপুৰঃ জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ নামত বিজেপি চৰকাৰে কৰি অহা চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰ হাই হাই, মন্ত্ৰী অশোক সিংহল মুৰ্দাবাদ, অশোক সিংহল গ'বেক আদি ধ্বনিৰে ঢেকিয়াজুলিৰ পৰিৱেশ উত্তাল কৰি তোলে। 

উল্লেখ্য যে, সদৌ শোণিতপুৰ জিলা আদিবাসী ছাত্ৰসন্থা (আছা)ই জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, আদিবাসী সকলক ভূমিপট্টা প্ৰদান আৰু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীকে ধৰি একাধিক বিষয় সামৰি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত আজি এক বৃহৎ প্ৰতিবাদী বাইক ৰেলী উলিয়ায়। এইক্ষেত্ৰত নুন্যতম মজুৰি আইন ১৯৪৮ ৰ আধাৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা, আদিবাসী লোকক চৰকাৰে ভূমি আৱণ্টন দিয়া কাৰ্যত মালিক পক্ষই বিৰোধিতা কৰি আদালতৰ দ্বাৰস্থ হোৱাকে ধৰি চাহ বাগিছা অঞ্চলত ভূমিপট্টা প্ৰদান কৰা প্ৰক্ৰিয়াত হোৱা ব্যাপক খেলিমেলিক আছাই ভেকো ভাওঁনা বুলি আখ্যা দিয়ে।

ইয়াৰোপৰি আদিবাসী লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবেও শোণিতপুৰ জিলা আছাই সজোৰে দাবী উত্থাপন কৰিছে। ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই সমস্যা সমূহ সমাধান নকৰিলে বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়া হব বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতীয়ে মন্তব্য কৰে।

তেজপুৰ