আপ অসমৰ সংবাদমেলঃ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা

দিল্লীৰ আবকাৰী নীতি গোচৰত আজি ৰাউজ এভিনিউ কোৰ্টে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালসহ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা কৰাৰ পাছতেই অসমতো ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে

author-image
Asomiya Pratidin
New Update
GDAGDSAGDU

​ডিজিটেল সংবাদ, গুৱাহাটীঃ দিল্লীৰ আবকাৰী নীতি গোচৰত আজি ৰাউজ এভিনিউ কোৰ্টে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালসহ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা কৰাৰ পাছতেই অসমতো ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। আজি গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি আম আদমী পাৰ্টী, অসমৰ শীৰ্ষ নেতৃত্বই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে।

সংবাদমেলত উপস্থিত থাকি আপৰ উত্তৰ-পূব ভাৰতৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, "আজি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ষড়যন্ত্ৰকাৰী ৰাজনীতিৰ মুখা খোল খালে। এজন 'কট্টৰ ইমানদাৰ' আৰু জনপ্ৰিয় নেতাক বদনাম কৰি এটা ভাল দলক ধ্বংস কৰিবলৈ যি পৰিকল্পনা তৈয়াৰ কৰা হৈছিল, ন্যায়ালয়ৰ ৰায়ে তাক সম্পূৰ্ণৰূপে ধ্বংস কৰিলে।"

ইফালে, আপ অসমৰ ৰাজ্যিক সভাপতি ড০ ভবেন চৌধুৰীয়ে কেন্দ্ৰীয় চৰকাৰলৈ এক কঠোৰ প্ৰত্যাহ্বান জনাই কয়, "আমি মোদী ডাঙৰীয়াক ক'ব বিচাৰোঁ যে এনেদৰে ষড়যন্ত্ৰ কৰি নহয়, বৰঞ্চ ৰাইজৰ বাবে ভাল কাম কৰি ক্ষমতা দখল কৰাৰ চেষ্টা কৰক। এজন অত্যন্ত জনপ্ৰিয় নেতাক মিছা গোচৰেৰে হেঙাৰ সৃষ্টি কৰাৰ যি অপচেষ্টা চলোৱা হৈছিল, তাৰ উত্তৰ আজি দেশে পালে।"

আনহাতে, দলটোৰ উপ-সভানেত্ৰী অনুৰূপা ডেকাৰজাই বিজেপিৰ এই আচৰণক গণতন্ত্ৰৰ বাবে ভাবুকি বুলি অভিহিত কৰে। তেওঁ কয় যে বিজেপিয়ে ইমান দিনে মিছা প্ৰচাৰেৰে জনসাধাৰণক বিভ্ৰান্ত কৰি আছিল, কিন্তু সত্যৰ সদায় জয় হয়।

​উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চলি থকা এই গোচৰটোত আদালতৰ আজিৰ এই ৰায়ে আম আদমী পাৰ্টীৰ কর্মীসকলৰ মাজত এক নতুন উছাহৰ সঞ্চাৰ কৰিছে। সংবাদমেলত দলটোৱে স্পষ্ট কৰি দিয়ে যে আগন্তুক দিনত তেওঁলোকে অধিক শক্তিৰে বিজেপিৰ এনে "দমনমূলক" নীতিৰ বিৰুদ্ধে যুঁজ দি যাব।

আপ অসম আপ