কেন্দ্ৰীয় বাজেটত সাধাৰণ মানুহৰ বাবে একো নাইঃ AAP

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দেওবাৰে দাখিল কৰা বাজেটখনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আম আদমি পাৰ্টী, অসমে। এই বাজেটখনত সকলো দিশ সামৰি লোৱা নাই তথা লোৱাৰ পৰিসৰ তেনেই সীমিত বুলি অভিহিত কৰিছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
aap assam

ডিজিটেল সংবাদ, গুৱাহাটীঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দেওবাৰে দাখিল কৰা বাজেটখনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আম আদমি পাৰ্টী, অসমে। এক প্ৰেছবাৰ্তাৰ জৰিয়তে এই বাজেটখনত সকলো দিশ সামৰি লোৱা নাই তথা লোৱাৰ পৰিসৰ তেনেই সীমিত বুলি অভিহিত কৰিছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে। 

এক প্রেছ বার্তাৰ জৰিয়তে দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে বাজেটখনক লৈ অসন্তুষ্টি প্রকাশ কৰি কয় যে- দেশৰ কৃষি উদ্যোগ, বাণিজ্য, যাতায়ত, যোগাযোগ আৰু সাধাৰণ জনতাক প্রতিফলিত কৰিব পৰা বহু বেছি এই বাজেটত দেখা পোৱা নাই। বাজেটত সাধাৰণ আৰু মধ্যবিত্ত সামৰি অধিক আঁচনি গ্রহণ কৰাৰ অৱকাশ আছিল বুলি ডাঃ চৌধুৰীয়ে উল্লেখ কৰে। 

দলটোৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই বাজেটৰ ঘোষণাসমূহক এক 'জুমলা' বুলি অভিহিত কৰি বাজেটখনত বিগত দশকত মোডী চৰকাৰে দি অহা প্রতিশ্রুতিৰ পুনৰাবৃত্তি বুলি তীব্র সমালোচনা কৰিছে। তেখেতে এই বাজেটক বিজেপি চৰকাৰৰ কেৱল দৈনন্দিন কাম-কাজৰ বাবে বুলি উল্লেখ কৰে। 

আপ, অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক লগতে কয়- বাজেটত বিগত ১১ বছৰে দিয়া প্রতিশ্রুতিৰ সবিশেষ নিদিলে, কিমান প্রতিশ্রুতি দিয়া হ'ল আৰু কিমান পূৰণ হ'ল তাৰ তুলনামূলক বক্তব্য দিব লাগিছিল। যিকোনো বাজেট যদি উন্নয়নৰ বাবে নহয় আৰু যিকোনো উন্নয়ন যদি ৰাইজৰ বাবে নহয়, তেন্তে সেয়া অসাৰ। জনবিৰোধী বাজেটৰ প্ৰায় এটা দশক সম্পূর্ণ কৰি বিজেপি চৰকাৰে এক লজ্জাজনক অভিলেখ গঢ়ি তুলিছে বুলি উল্লেখ কৰে।

আম আদমি পাৰ্টি