আমৰাঙ্গা-বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৭ বৰ্ষত মহাৰজত জয়ন্তী

আমৰাঙ্গা-বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগত ২০২৭ বৰ্ষত মহাৰজত জয়ন্তী পালন কৰা হ'ব। এই মহাৰজত জয়ন্তীকলৈ অঞ্চলটোৰ ৰাইজ,শুভাকাংক্ষী,বৰ্তমানৰ ছাত্ৰ ছাত্ৰী,প্ৰাক্তন ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী,প্ৰতিষ্ঠাপক বিশিষ্ট ব্যক্তিসকল ইতিমধ্যেই আলোচনা বিলোচনাত মিলিত হৈছে।

author-image
Asomiya Pratidin
New Update
620

ডিজিটেল সংবাদ, মিৰ্জা : আমৰাঙ্গা-বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগত ২০২৭ বৰ্ষত মহাৰজত জয়ন্তী পালন কৰা হ'ব। এই মহাৰজত জয়ন্তীকলৈ অঞ্চলটোৰ ৰাইজ,শুভাকাংক্ষী,বৰ্তমানৰ ছাত্ৰ ছাত্ৰী,প্ৰাক্তন ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী,প্ৰতিষ্ঠাপক বিশিষ্ট ব্যক্তিসকল ইতিমধ্যেই আলোচনা বিলোচনাত মিলিত হৈছে।

এই উপলক্ষে অহা ১৮ জানুৱাৰীত বিদ্যালয়খনত এখনি জৰুৰী ৰাজহুৱা সভাৰ আয়োজন কৰিছে বিদ্যালয় পৰিচালনা সমিতি তথা শিক্ষকগোটে। এই আয়োজনৰ মাজতে এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ ১৯৯২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰাক্তন শিক্ষাৰ্থীসকলে দেওবাৰে ত্ৰিধাৰা আঞ্চলিক কলা সংঘত এক মত বিনিময় অনুষ্ঠান সম্পন্ন কৰে।

WhatsApp Image 2026-01-12 at 4.10.09 PM

এই সংঘত তেওঁলোকৰ শ্ৰদ্ধাৰ প্ৰাক্তন শিক্ষাগুৰু তথা এই বিদ্যালয়খনৰ এসময়ৰ ইংৰাজী বিষয়ৰ দক্ষ শিক্ষক সুদাম দাসক সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ কিছু আবেগিক হয় আৰু প্ৰাক্তন শিক্ষাৰ্থী  সকলোকৰ ভৱিষ্যত উজ্বল হোৱাৰ আশীৰ্বাদ দিয়ে। উল্লেখ যে, ইংৰাজী বিষয়ত দক্ষ প্ৰাক্তন শিক্ষক সুদাম দাসে এই বিদ্যালয়খনত বহু বছৰ ধৰি শিক্ষকতা বৃত্তিত নিয়োজিত আছিল।

কিন্তু তেওঁৰ এই পদটি চৰকাৰীকৰণ নহ'ল। পিচত তেওঁ এই বৃত্তি বাদ দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। হয়তো এই কথা মন পৰিয়ে তথা প্ৰাক্তন শিক্ষাৰ্থীসকলক এইদৰে লগ পাই আৱেগ বিহ্বল হৈ পৰে। কালিৰ এই প্ৰাক্তন শিক্ষাৰ্থীৰ মিলনত ক্ৰমে দুলাল কলিতা, কুশল দাস(জোন),ধন দাস, ভদ্ৰেশ্বৰ দাস, বসন্ত কুমাৰ দাস, ভৈৰৱ দাস, ব্ৰজেন দাস,অনুজ ঠাকুৰীয়া,আৰণি কলিতা,ভাস্কৰজোতি দাস, মানবেন্দ্ৰ ঠাকুৰীয়া, প্ৰফুল্ল দাস, সীতাৰাম দাস, দ্বিজেন দাস,অক্ষয় কলিতা,দ্বিগেন দাস,শুক্লেশ্বৰ দাস, গোবিন্দ দাস,ধনমণি দাস, প্ৰশান্ত দাস,ৰীতা দাস,হিমাশ্ৰী দাস,ৰীণা দাস নিৰ্মালি দাস,ভনীতা দাস,ভবানী দাস,গীতিকা দেৱী,দুলুমণি দাস, জুৰি দাস,ইলা দাস, কল্পনা দাস, মল্লিকা গোস্বামী,যুতিকা দাস,ৰাণু দাসকে ধৰি বহুকেইজন প্ৰাক্তন শিক্ষাৰ্থীয়ে মিলিত হয়।

WhatsApp Image 2026-01-12 at 4.10.10 PM

তেওঁলোকে বিভিন্ন দিশত এক মত বিনিময় কৰাৰ লগতে নাচ গান,স্ফূটি কৰে।লগতে বিদ্যালয়লখনৰ আগত মহাৰজত জয়ন্তীত সহায়-সহযোগ কৰাৰ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰে।

মহাৰজত জয়ন্তী