সকলো কাম বাদ দি হস্পাতালত পিতৃৰ আলপৈচান ধৰিছে চলমান খানে...

অভিনেতা চলমান খানৰ পিতৃ তথা বিশিষ্ট চিত্ৰনাট্যকাৰ ছলীম খানৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে। যোৱা ১৭ফেব্ৰুৱাৰী, ২০২৬ৰ পৰা হস্পাতালত ভৰ্তি হৈ থকা ছলীম খানৰ বাবে

author-image
Asomiya Pratidin
New Update
slmamam

ডিজিটেল ডেস্কঃ অভিনেতা চলমান খানৰ পিতৃ তথা বিশিষ্ট চিত্ৰনাট্যকাৰ ছলীম খানৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে। যোৱা ১৭ফেব্ৰুৱাৰী, ২০২৬ৰ পৰা হস্পাতালত ভৰ্তি হৈ থকা ছলীম খানৰ বাবে সামাজিক মাধ্যমত প্ৰাৰ্থনা কৰা দেখা গ'ল অভিনেতা আমিৰ খানৰ। 

আচঁলতে চলমানৰ পিতৃৰ খবৰ ল'বলৈ হস্পাতাললৈ গৈছিল আমিৰ খান। আমিৰ খানে সংবাদমাধ্যমৰ সন্মুখত সদৰি কৰা অনুসৰি, বৰ্তমানো আই চি ইউতে ভৰ্তি হৈ আছে ছলীম খান। লগতে তেওঁ আশা ব্যক্ত কৰে যে, চলমানৰ পিতৃয়ে অচিৰেই আৰোগ্য লাভ কৰি ঘৰলৈ উভতিব। 

পূৰ্বতকৈ তেওঁৰ স্বাস্থ্য যথেষ্ট উন্নত হোৱা বুলিও সদৰি কৰে আমিৰ খানে। উল্লেখ্য যে, যোৱা ১৭ফেব্ৰুৱাৰীৰ পৰা পিতৃৰ সৈতে হস্পাতালতে আছে চলমান খান। পিতৃক আলপৈচান ধৰিবলৈকে এই দিনকেইটাত তেওঁ সকলো কামৰ পৰা বিৰতি লৈছে। 

চলমানক এই বিপদৰ সময়ত এষাৰ মাত দিবলৈ উপস্থিত হৈছে বলিউদৰ বহুকেইগৰাকী কলা-কুশলী জাবেদ আখতাৰ, সঞ্জয় দত্ত, শিল্পী চেত্ৰী, ৰাহুল ৰায়, সংগীত বিজলানী, অমৃতা আৰোৰা দৰে কলা-কুশলীসকল চলীম খানৰ স্বাস্থ্যৰ বুজ ল'বলৈ উপস্থিত হৈছে হস্পাতালত।  

চলমান খান