ট্ৰেণ্ডজৰ উদ্যোগত ‘ আমাৰ পূজা আমাৰ ট্ৰেণ্ডজ‘ প্ৰতিযোগিতাৰ আয়োজন

শাৰদীয় দুৰ্গা পূজা আৰু টেলেণ্ট হাণ্টৰ সৈতে সংগতি ৰাখি ট্ৰেণ্ডজে আয়োজন কৰিছে ‘ আমাৰ পূজা আমাৰ ট্ৰেণ্ডজ‘ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা গীত- অভিনয়, আৰু বাদ্য বাদন শিতানত অনুষ্ঠিত হ‘ব

author-image
Asomiya Pratidin
New Update
180

ডিজিটেল ডেস্ক : শাৰদীয় দুৰ্গা পূজা আৰু টেলেণ্ট হাণ্টৰ সৈতে সংগতি ৰাখি ট্ৰেণ্ডজে আয়োজন কৰিছে ‘ আমাৰ পূজা আমাৰ ট্ৰেণ্ডজ‘ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা গীত- অভিনয়, আৰু বাদ্য বাদন শিতানত অনুষ্ঠিত হ‘ব। 

Advertisment

উদ্যোক্তাসকলে জনোৱা অনুসৰি, ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আগ্ৰহীসকলে সমীপৱৰ্তী ট্ৰেণ্ডজ বিপণীলৈ গৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। 

আনহাতে প্ৰতিযোগিতাত বিজয়ীসকলক আকৰ্ষণীয় পুৰস্কাৰৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰিব ট্ৰেণ্ডজে। শ্ৰেষ্ঠ বিজয়ীয়ে লাভ কৰিব টেলেণ্ট হাণ্টৰ এলিমেচন ৰাউণ্ডত অংশগ্ৰহণৰ সুবিধা। অডিচনৰ স্থান হৈছে- ট্ৰেণ্ডজ নলবাৰী, নগাঁও, বিশ্বনাথ চাৰিআলি, তিনিচুকীয়া, মৰাণ, ৰঙিয়া, পাঠশালা, দুধনৈ, মঙলদৈ, ছয়গাঁও, বঙাইগাঁও, ধিং আৰু হোজাই।

puja