New Update
/asomiyapratidin/media/media_files/2026/02/01/af9dc70d-f7d6-4d37-84f5-be8a5d1582b2-2026-02-01-11-34-01.jpg)
- আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ বাবে ২হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। বিত্তমন্ত্ৰীয়ে লগতে কয় যে, এইখন হৈছে যুৱশক্তিৰ বাজেট। নতুন চাকৰি সৃষ্টিৰ বাবে আগন্তুক ৫বছৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব।
- ভাৰতৰ বেংকিং চেক্টৰৰ বাবে এখন বিশেষ কমিটি গঠন কৰা হ'ব বুলিও ঘোষণা বিত্তমন্ত্ৰীৰ।
- নগৰীয় বিকাশৰ বাবে ৫হাজাৰ কোটি টকা আগন্তুক ৫বছৰৰ বাবে ধাৰ্য কৰা হৈছে বাজেটত।
- আগন্তুক সময়ত কেন্সাৰ আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ মূল্য হ্ৰাস পোৱাৰ কথাও ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে।
- ২০টা নতুন জল পথ সৃষ্টিৰ জৰিয়তে জল পৰিবহন ব্যৱস্থাক উন্নত কৰা হ'ব।
- ২২কোটি লোকক দৰিদ্ৰ সীমা ৰেখাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰঃ বিত্তমন্ত্ৰী।
- ৭টা হাইস্পীড ৰেলপথ নিৰ্মাণৰ কথাও ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
- ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ পৰা পোনপতীয়াকৈ সামগ্ৰী ক্ৰয় কৰিব চৰকাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us