Budget 2026: কৰ্কট আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ দাম কমিব...

আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ বাবে ২হাজাৰ কোটি  টকা ধাৰ্য কৰা হৈছে বাজেটত। বিত্তমন্ত্ৰীয়ে লগতে কয় যে, এইখন হৈছে যুৱশক্তিৰ বাজেট। নতুন চাকৰি সৃষ্টিৰ বাবে আগন্তুক ৫বছৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব। 

author-image
Asomiya Pratidin
New Update
af9dc70d-f7d6-4d37-84f5-be8a5d1582b2
  • আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ বাবে ২হাজাৰ কোটি  টকা ধাৰ্য কৰা হৈছে বাজেটত। বিত্তমন্ত্ৰীয়ে লগতে কয় যে, এইখন হৈছে যুৱশক্তিৰ বাজেট। নতুন চাকৰি সৃষ্টিৰ বাবে আগন্তুক ৫বছৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব। 
  • ভাৰতৰ বেংকিং চেক্টৰৰ বাবে এখন বিশেষ কমিটি গঠন কৰা হ'ব বুলিও ঘোষণা বিত্তমন্ত্ৰীৰ। 
  • নগৰীয় বিকাশৰ বাবে ৫হাজাৰ কোটি টকা আগন্তুক ৫বছৰৰ বাবে ধাৰ্য কৰা হৈছে বাজেটত।
  • আগন্তুক সময়ত কেন্সাৰ আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ মূল্য হ্ৰাস পোৱাৰ কথাও ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে।
  • ২০টা নতুন জল পথ সৃষ্টিৰ জৰিয়তে জল পৰিবহন ব্যৱস্থাক উন্নত কৰা হ'ব।
  • ২২কোটি লোকক দৰিদ্ৰ সীমা ৰেখাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰঃ বিত্তমন্ত্ৰী।
  • ৭টা হাইস্পীড ৰেলপথ নিৰ্মাণৰ কথাও ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। 
  • ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ পৰা পোনপতীয়াকৈ সামগ্ৰী ক্ৰয় কৰিব চৰকাৰে।
বাজেট কেন্দ্ৰীয় বাজেট