হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসমৰ সমূহ জনজাতীয় সম্প্রদায় আজি গভীৰ সংকটতঃ আপ

"মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসমৰ সমূহ জনজাতীয় সম্প্রদায় আজি গভীৰ সংকটত। তেওঁলোকৰ ভূমি দখলৰ কৰা হৈছে আৰু সাংস্কৃতিক পৰিচয় বিপদাপন্ন কৰা হৈছে।"

author-image
Asomiya Pratidin
New Update
fdftertrt

ডিজিটেল সংবাদ, গুৱাহাটীঃ শাসকীয় বিজেপি চৰকাৰে জাতি, মাটি, ভেটি বক্ষাৰ শ্ল'গান আওৰাই থকাৰ সময়তে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে পার্বত্য জিলা দুখনৰ পি জি আৰ-ভি জি আৰ ভূমিত হিন্দীভাষী বিহাৰী আৰু বাঙালী লোকৰ অবাধ বেদখলক সুৰক্ষা প্রদানৰ বিৰুদ্ধে খিলঞ্জীয়া কার্বি জনগোষ্ঠীয় ৰাইজ আৰু অনা কাৰ্বি ৰাইজৰ মাজত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে আম আদমি পার্টীয়ে।

সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে দলটোৰ উত্তৰ-পূৱ ভাৰতৰ তত্ত্বাবধায়ক ৰাজেশ শর্মাই বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসমৰ সমূহ জনজাতীয় সম্প্রদায় আজি গভীৰ সংকটত। তেওঁলোকৰ ভূমি দখলৰ কৰা হৈছে আৰু সাংস্কৃতিক পৰিচয় বিপদাপন্ন কৰা হৈছে। ৰাজেশে শৰ্মাই কেৱল নির্বাচনী মুনাফাৰ বাবে জনজাতীয় লোকৰ আৱেগক লৈ হেতালি খেলা বন্ধ কৰিবলৈ বিজেপি চৰকাৰক সকীয়াই দিয়ে। 

মুখ্যমন্ত্ৰীৰ পৰম বন্ধু তুলিৰাম বাহিনীয়ে জিলাখনত বছৰ বছৰ ধৰি চলাই থকা অবাধ লুণ্ঠন, উদ্যোগীকৰণৰ নামত আদানিৰ দৰে বৃহৎ পুঁজিপতিক শ শ বিঘা মাটি পানীৰ মূল্যত গতাই দিয়া আদি নানান কাৰকৰ বাবে পাহাৰীয়া জিলাখনৰ মানুহৰ মনত পঞ্জীভূত ক্ষোভৰ জুইকুৰা বহিৰাগতৰ উচ্ছেদ বন্ধ কৰাক কেন্দ্ৰ কৰি জ্বলি উঠিছে বুলি অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টীয়ে। কার্বি ভূমি যাতে দ্বিতীয় মণিপুৰলৈ ৰূপান্তৰ নহয় তাৰ বাবে ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্রশাসনক দলটোরে আহ্বান জনাইছে দলটোৱে। তাৰোপৰি আম আদমি পার্টীয়ে জিলাখনত শীঘ্রে শান্তি ঘূৰাই আনিবলৈ আৰু ৰাইজক হিংসাৰ আশ্রয় নল'বলৈ আহ্বান জনায়।

আম আদমি পাৰ্টী