গোলকগঞ্জত আক্ৰাছুৰ জোঁ‌ৰ সমদল

বুধবাৰে সন্ধিয়া ধুবুৰীৰ গোলকগঞ্জ অঞ্চলত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধুবুৰী পশ্চিম জিলা আক্ৰাছুৰ সহযোগত এক  বিশাল প্ৰতিবাদী জোঁ‌ৰ সমদল উলিয়ায়

author-image
Asomiya Pratidin
New Update
303

ডিজিটেল সংবাদ, ধুবুৰী : বুধবাৰে সন্ধিয়া ধুবুৰীৰ গোলকগঞ্জ অঞ্চলত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধুবুৰী পশ্চিম জিলা আক্ৰাছুৰ সহযোগত এক  বিশাল প্ৰতিবাদী জোঁ‌ৰ সমদল উলিয়ায়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ধুবুৰী পশ্চিম জিলা আক্ৰাছুৰ শতাধিক কৰ্ম-কৰ্তা, ৰাইজে এই জোঁ‌ৰ সমদলত অংশ গ্ৰহণ কৰি কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক অতিশীঘ্ৰে জনজাতি কৰণ কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনায়।

আনহাতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জোঁ‌ৰ সমদল চলি থকাৰ মাজতে প্ৰতিবাদ কাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰা আৰম্ভ কৰে। আৰক্ষীৰ এই লাঠিচাৰ্জ কৰাৰ ফলত আজি শতাধিক পুৰুষ মহিলা গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে।

আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা এই জঘন্য লাঠি চাৰ্জ কৰাৰ ঘটনাক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা  আৰু ধুবুৰী পশ্চিম জিলা আক্ৰাছুয়ে তীব্ৰ ভাষাত গৰিহণা জনাইছে।

গোলকগঞ্জ