হাওৰাঘাটত 'আদি কৰ্মযোগী অভিযান'...

কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে শেহতীয়াভাৱে আৰম্ভ কৰা 'আদি কৰ্মযোগী অভিযান'ৰ অধীনত দেশৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটতো ১৯ খন জনজাতীয় গাঁৱক সামৰি বিশেষ জনজাতীয় কৰ্মসূচী গ্ৰহণ কৰা হৈছে

author-image
Asomiya Pratidin
New Update
482

ডিজিটেল সংবাদ, হাওৰাঘাট : কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে শেহতীয়াভাৱে আৰম্ভ কৰা 'আদি কৰ্মযোগী অভিযান'ৰ অধীনত দেশৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটতো ১৯ খন জনজাতীয় গাঁৱক সামৰি বিশেষ জনজাতীয় কৰ্মসূচী গ্ৰহণ কৰা হৈছে । যোৱা ২ অক্টোবৰত অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনা প্ৰতিখন গাঁৱতে অনুষ্ঠিত বিশেষ গাঁও সভাৰ যোগেদি এই কৰ্মসূচীত অনুমোদন জনোৱা হয় ।

উল্লেখযোগ্য যে ২০৪৭ চনত বিকশিত ভাৰত গঢ়াৰ লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰধানকৈ জনজাতীয় গাঁওসমূহক লৈ বিশেষ 'ট্ৰাইবেল ভিলেজ ভিজন -২০৩০' প্ৰস্তুত কৰিবলৈ পদক্ষেপ লৈছে । সেই পদক্ষেপৰ অংশ হিচাপে ইতিমধ্যে জিলা আৰু উন্নয়ন খণ্ড পৰ্যায়ৰ প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত তৃণমূল পৰ্যায়ত গাঁও সমূহত কৰ্মসূচী প্ৰস্তুতকৰণৰ ব্যৱস্থা কৰা হয় ।

সেইমৰ্মে প্ৰথম পৰ্যায়ত এদিনীয়া প্ৰশিক্ষণৰ অন্তত গাওঁ সমূহৰ প্ৰয়োজনাদি নিৰীক্ষণৰ বাবে পদযাত্ৰা, প্ৰয়োজন নিৰ্ধাৰণ আৰু মেপ প্ৰস্তুতকৰণৰ লগতে প্ৰতিখন গাঁৱতে আদি সেৱা কেন্দ্ৰ স্থাপন কৰা হয় । হাওৰাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চম্পক শৰ্মাই জানিবলৈ দিয়া মতে এই আদি সেৱা কেন্দ্ৰতে গাওঁ সভাৰ যোগেদি বিশেষ জনজাতীয় গাঁও কৰ্মসূচী প্ৰস্তুত আৰু গ্ৰহণ কৰা হয় ।

তেওঁ লগতে জনায় যে এই আদি সেৱা কেন্দ্ৰ সমূহৰ যোগেদিও অনাগত দিনত প্ৰতিখন জনজাতীয় গাঁৱৰ বাসিন্দাই নিজৰ প্ৰয়োজন সম্পৰ্কে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব পাৰিব আৰু কৰ্তৃপক্ষই সেই প্ৰয়োজনসমূহ যথা শীঘ্ৰে পূৰণ কৰিব লাগিব । উল্লেখযোগ্য যে দেশৰ এক লাখ গাঁৱক সামৰি লোৱা এই অভিযানত যুৱক - যুৱতী, আত্মসহায়ক গোটৰ সদস্য আদিয়ে সমাজৰ প্ৰগতিত অৰিহণা যোগাবলৈ সুয়োগ পাব ।

হাওৰাঘাট