এ চি এছ দম্পত্তীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগেৰে ধুবুৰী থানাত যুৱতীৰ এজাহাৰ

বিবাহিত বিষয়াগৰাকীয়ে পত্নী তথা এ চি এছ বিষয়া দেৱসেনা বৰ্মনৰ সৈতে বিবাহ বিচ্ছেদ কৰি উক্ত যুৱতীগৰাকীক বিয়া পতাৰ প্ৰতিশ্ৰুতিয়ো দিছিল। এই প্ৰতিশ্ৰুতি আৰু বিশ্বাস আদায় কৰি যুৱতীগৰাকীৰ সৈতে বৰ্মনে দৈহিক সম্পৰ্ক স্থাপন কৰিছিল। 

author-image
Asomiya Pratidin
New Update
new ap web 1 (18)

ডিজিটেল ডেস্ক : ধুবুৰী সদৰ থানাত ধুবুৰী ৰাজহ চক্ৰ বিষয়া হিচাপে পূৰ্বতে কৰ্মৰত পাৰ্থ প্ৰতীম বৰ্মনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি এগৰাকী যুৱতীয়ে দাখিল কৰিছে এজাহাৰ। ৭ নৱেম্বৰ ২০২৫ত দাখিল কৰা এই এজাহাৰত ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে, চক্ৰ বিষয়া বৰ্মনে তেওঁৰ বৈবাহিক জীৱন সুখকৰ নহয় বুলি উল্লেখ কৰি যুৱতীগৰাকীৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰিছিল। 

বিবাহিত বিষয়াগৰাকীয়ে পত্নী তথা এ চি এছ বিষয়া দেৱসেনা বৰ্মনৰ সৈতে বিবাহ বিচ্ছেদ কৰি উক্ত যুৱতীগৰাকীক বিয়া পতাৰ প্ৰতিশ্ৰুতিয়ো দিছিল। এই প্ৰতিশ্ৰুতি আৰু বিশ্বাস আদায় কৰি যুৱতীগৰাকীৰ সৈতে বৰ্মনে দৈহিক সম্পৰ্ক স্থাপন কৰিছিল। 

পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে বুজি উঠে যে, চক্ৰ বিষয়া বৰ্মনৰ সেয়া আছিল ভুৱা প্ৰতিশ্ৰুতি। তাৰ ফলশ্ৰুতিত যুৱতীগৰাকীয়ে এই এজাহাৰ দাখিল কৰি ন্যায় প্ৰদান কৰিবলৈ আৰক্ষীক আবেদন জনাইছে। যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে ২৪ আগষ্ট ২০২৫ৰ পৰা চক্ৰ বিষয়া বৰ্মনৰ পত্নী দেৱসেনা বৰ্মনে যুৱতীগৰাকীক ভাবুকি প্ৰদান কৰি আহিছে। 

যুৱতীগৰাকীয়ে তেওঁৰ জীৱন এই চক্ৰ বিষয়াগৰাকীয়ে ধ্বংস কৰি দিয়া আৰু দুয়োৱে ক্ষমতাৰ অপব্যৱহাৰ প্ৰয়োগ কৰা বুলি উল্লেখ কৰি তেওঁৰ নিৰাপত্তা প্ৰদান আৰু উচিত ন্যায় দিবৰ বাবে আবেদন জনোৱাৰ লগতে এই গোচৰ পঞ্জীয়ন কৰিবলৈয়ো অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে, যুৱতীগৰাকীয়ে চক্ৰ বিষয়া বৰ্মনৰ সৈতে হোৱা হোৱাটছ এপ কথোপকোথনৰ স্ক্ৰীণশ্বতো এজাহাৰৰ লগত গাঁঠি দিছে। চক্ৰ বিষয়া পাৰ্থ প্ৰতীম বৰ্মন ২০১৯ বৰ্ষৰ এ চি এছ আৰু তেওঁৰ পত্নী দেৱসেনা বৰ্মন ২০২১ বৰ্ষৰ এ চি এছ।

ধুবুৰী