/asomiyapratidin/media/media_files/2025/11/20/whatsapp-image-2025-11-20-23-36-18.jpeg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ সস্ত্বাটো আছিল এক সপ্ৰতিভ, উজ্জ্বল নক্ষত্ৰৰ দৰে। অসমীয়াৰ বাবে ভগৱানস্বৰূপ জুবিন গাৰ্গ চিৰদিনৰ বাবেই সকলোৰে অন্তৰত চিৰদিন থাকিব। তেজপুৰৰ যুৱক ভবেন মেধি। জুবিন অনুৰাগী ভবেন মেধিয়ে অংকন কৰিলে জুবিন গাৰ্গৰ হাতৰ 3D ছবি। জুবিন গাৰ্গৰ দুয়োখন হাতৰ চাপ সংগ্ৰহ কৰি ৰাখিছিল চিত্ৰশিল্পীজনে। সেই হাতৰ চাপৰ দ্বাৰা তেওঁ নিখুঁটভাৱে অংকন কৰিলে জুবিন গাৰ্গৰ 3D Csating হাত দুখন।
উল্লেখ্য যে, সোণাপুৰত শেষকৃত্যৰ সময়ত বালিপাৰাৰ যুৱক ভবেন মেধিয়ে সংগ্ৰহ কৰিছিল এই হাতৰ চাপ। জুবিনৰ সত্ত্বাটো প্ৰতিজন অসমীয়াৰ সিৰাই সিৰাই প্ৰবাহিত। শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি এনেদৰেই জীয়াই ৰখাৰ চেষ্টা কৰিছে চিত্ৰশিল্পীগৰাকীয়ে।
তাৰোপৰি জুবিন গাৰ্গৰ জন্মদিনৰ দিনটোতো প্ৰদৰ্শনীৰ বাবেও ৰখা হৈছিল এই হাত দুখনৰ প্ৰতিচ্ছবি। সকলোৱে যেন জুবিন গাৰ্গক সত্ত্বাক অনুভৱ কৰিছে এনেদৰেই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us