/asomiyapratidin/media/media_files/2025/09/08/biswanath-8-2025-09-08-14-13-34.jpg)
ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথত বিদ্যুস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু। বিশ্বনাথৰ নৱপুৰৰ অজিত বৰাৰ এটি নিৰ্মীয়মান ঘৰত সংঘটিত হৈছে এই ঘটনা। নিহত শ্ৰমিকজনৰ নাম ছফিকুল ইছলাম।
জানিব পৰা মতে অজিত বৰাৰ চৌহদত ঠিকাদাৰ ফকিৰ আলিৰ নেতৃত্বত গৃহ নিৰ্মাণত নিয়োজিত যুৱক জনে কাম কৰি থকা অৱস্থাত বিদ্যুৎষ্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় ছফিকুল ইছলাম (৩০)নামৰ শ্ৰমিক জনে। সম্প্ৰতি ছফিকুলৰ মৃতদেহ বিশ্বনাথ জিলা চিকিৎসালয়ত ৰখা হৈছে যদিও জিলা প্ৰশাসনীক বিষয়াৰ উপস্থিতিত মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বাবে যো-জা চলাই আছে।