Advertisment

তিনি দশকজুৰি ঢকুৱাখনাত শগুণ সংৰক্ষণত ব্ৰতী এগৰাকী মহিলা

এগৰাকী সুশিক্ষিতা প্ৰকৃতি সংৰক্ষক । সামাজিক ৰক্ষণশীলতা আৰু তথাকথিত অন্ধবিশ্বাসৰ বিপৰীতে গৈ এককভাৱে নীৰৱ প্ৰকৃতিপ্ৰেমীৰ অনুকৰণীয় দৃষ্টান্ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে এইগৰাকী শিক্ষাব্ৰতী মহিলাই। 

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত শগুণ সংৰক্ষণত ব্ৰতী এগৰাকী মহিলা

ঢকুৱাখনাত শগুণ সংৰক্ষণত ব্ৰতী এগৰাকী মহিলা

ডিজিটেল সংবাদ, ঢকুৱাখনা : এগৰাকী সুশিক্ষিতা প্ৰকৃতি সংৰক্ষক । সামাজিক ৰক্ষণশীলতা আৰু তথাকথিত অন্ধবিশ্বাসৰ বিপৰীতে গৈ এককভাৱে নীৰৱ প্ৰকৃতিপ্ৰেমীৰ অনুকৰণীয় দৃষ্টান্ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে এইগৰাকী শিক্ষাব্ৰতী মহিলাই। 

Advertisment

মহিলাগৰাকীৰ নাম ফুলেশ্বৰী দত্ত(৫৯) । ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ কঢ়াঘাট অঞ্চলৰ বাসিন্দা এইগৰাকী আত্মোৎস্বৰ্গী প্ৰকৃতি সংৰক্ষকৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন জয়াল হাবি আৰু এই দৰা হাবিত আত্মীয়ৰ দৰে পোহপাল দি ৰাখিছে অৰ্ধ শতাধিক শগুন । 

পেছাত এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু এই গৰাকী নীৰৱ প্ৰকৃতি সংৰক্ষকে ১৯৮৯ চনৰ পৰাই দুষ্প্ৰাপ্য  শগুণ সংৰক্ষণত ব্ৰতীহৈ আহিছে । আজি বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনা সংবাদ মাধ্যমৰ তৎপৰতাত মহিলাগৰাকীৰ এই ব্যতিক্ৰমী নীৰৱ প্ৰয়াস পোহৰলৈ আহিছে । 

ঢকুৱাখনাত শগুণ সংৰক্ষণত ব্ৰতী এগৰাকী মহিলা
ঢকুৱাখনাত শগুণ সংৰক্ষণত ব্ৰতী এগৰাকী মহিলা

 

ঘৰৰ চৌহদতে আজোককাকৰ দিনৰে পৰা গঢ়ি উঠা এখন হাবি । য’ত উপলব্ধ শিমলুকে ধৰি বিভিন্ন প্ৰজাতিৰ বৃক্ষ । এই সুউচ্চ শিমলুৰ ডালকে সাৰথি কৰি বিগত প্ৰায় ৩০ বছৰ পূৰ্বে আশ্ৰয় লৈছিল দুটা শগুনে ।  

প্ৰথমাৱস্থাত সাধাৰণভাৱে আশ্ৰিত এই দুটা শগুণকলৈ বিভিন্ন মহলৰ কুৎসা ৰতনা চলিছিল ।  ঘৰৰ চৌহদত শগুনৰ আশ্ৰয় এয়া এক অপায় অমংগলৰ আগতীয়া ইংগিত বুলিও ৰক্ষণশীল পক্ষই মন্তব্য কৰি মহিলাগৰাকীক হতাশাৰ মাজলৈ ঠেলি দিবলৈও কুণ্ঠাবোধ নকৰিছিল । পিছে স্থিতপ্ৰজ্ঞ আছিল মহিলাগৰাকী । 

যিমানেই এনেবোৰ কুৎসা ৰতনা শুনিছিল সিমানেই দৃঢ় হৈছিল তেওঁ । কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলৈ নিদি নিজৰ সন্তানৰ দৰেই আদৰ সাদৰ প্ৰদৰ্শন কৰি দুটা শগুনক আশ্ৰয় দিবলৈ আগ্ৰহী হৈছিল । মহিলাগৰাকীয়ে ভবাৰ দৰে হয়তো দুষ্প্ৰাপ্য শগুন দুটায়ো হয়তো বিশ্বাস কৰি লৈছিল মহিলাগৰাকীক মাতৃৰূপে । 

সেই বিশ্বাসেৰে শগুন দুটাই শিমলু জোপাত এটা বাঁহ সাজি আৰম্ভ কৰে বংশ বৃদ্ধিৰ । মহিলাগৰাকীৰ এনে উদাৰতাৰ আলম লৈ সম্প্ৰতি ৪ টা বাঁহ সাজি বংশ বৃদ্ধিৰে ভিন্ন প্ৰজাতিৰ মুঠ ৬০ টা শগুনলৈ বংশ বিস্তাৰ কৰিছে । 

ঢকুৱাখনাত শগুণ সংৰক্ষণত ব্ৰতী এগৰাকী মহিলা
ঢকুৱাখনাত শগুণ সংৰক্ষণত ব্ৰতী এগৰাকী মহিলা

 

‘অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ আগত নীৰৱ প্ৰকৃতি সংৰক্ষকে জনোৱামতে ১৯৮৯ চনতে তেওঁৰ ঘৰৰ চৌহদত থকা এজোপা শিমলু গছত আশ্ৰয় লোৱা দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰকৃতিৰ জমাদাৰৰ বাবে দত্তই বাৰীৰ বৃক্ষ নকটাকৈ ৰাখি এক সুস্থিৰ পৰিবেশ সৃষ্টি কৰি দিছে। নিজৰ নিঃস্ব আৰু আৰ্থিক দৈন্যতাৰ বাবে বাৰীৰ বৃক্ষ বিক্ৰী নকৰাকৈ পৰিস্থিতিৰ মুকাবিলা কৰি অহা এইগৰাকী নীৰৱ প্ৰকৃতি সংৰক্ষকৰ এনে আদৰ্শনীয় পদক্ষেপে ৰাজ্যখনৰ প্ৰকৃতিপ্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । 

উল্লেখযোগ্য যে সাম্প্ৰতিক সময়ত প্ৰকৃতিৰ জমাদাৰ হিচাপে পৰিচিত এই শগুণৰ উদ্বেগজনক বিলুপ্তিৰ তথ্যই প্ৰকৃতি সংৰক্ষকসকলক উদ্বিগ্ন কৰি তোলাৰ বিপৰীতে এগৰাকী নিঃস্ব মহিলাৰ এনে আত্মোৎস্বৰ্গী বন্যপ্ৰাণী সংৰক্ষণৰ অনুকৰণীয় প্ৰয়াসে বিশেষ চর্চা লাভ কৰিছে । সততে সমাজ বৰ্জিত বুলি চিহ্নিত এই প্ৰকৃতিৰ জমাদাৰক প্ৰায় তিনি দশকৰো অধিক কাল নিজৰ সন্তানৰ দৰে লালন পালন কৰি যি বন্যপ্ৰাণী সংৰক্ষণৰ  সমুজ্জল দৃষ্টান্ত দেখুৱাইছে সেয়া  নিৰ্ত্তান্তই আদর্শনীয় ।

dhakuakhana