বালিপৰাত এটি বনৰীয়া হাতী পোৱালিৰ মৃত্যু

যোৱা নিশাও হাতীৰ জাকটোৱে বালিপৰাৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাইছিল আৰু সেই হাতীজাকটোৰ মাজৰে এটি ডেৰ দুইমহীয়া এটা বনৰীয়া হাতীৰ পোৱালিৰ আকস্মিক মৃত্যু ঘটে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শোণিতপুৰ: শোণিতপুৰৰ বালিপৰাৰ পানীপোটাৰ ঢেকেৰিগাঁৱত এটি বনৰীয়া হাতী পোৱালিৰ মৃত্যু ঘটে।বিগত কেইবাদিন ধৰি বালিপৰা আৰু ৰঙাপৰাত নিশা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰা বনৰীয়া হাতীৰ জাক এটাই উপদ্ৰৱ চলাই আহিছিল।

যোৱা নিশাও হাতীৰ জাকটোৱে বালিপৰাৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাইছিল আৰু সেই হাতীজাকটোৰ মাজৰে এটি ডেৰ দুইমহীয়া এটা বনৰীয়া হাতীৰ পোৱালিৰ আকস্মিক মৃত্যু ঘটে।

বনকৰ্মীয়ে জনোৱা মতে হয়তো বনৰীয়া হাতীৰ জাকটোৰ গচকতেই হাতী পোৱালিটোৰ মৃত্যু ঘটিছে। ইফালে জাকৰ মাজৰ পৰা বিছিন্ন হৈ পৰা পোৱালি হাতীটোৰ মাকক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা চলাইছে বন বিভাগৰ লোক সকলে।

বনৰীয়া হাতী