/asomiyapratidin/media/media_files/2025/08/20/dddddd-2025-08-20-16-10-05.jpg)
ডিজিটেল সংবাদ,যোৰহাটঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা ৰাষ্ট্ৰীয় ক’ক কনক্লেভ আৰম্ভ হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক কʼক গৱেষক বিজ্ঞানী, কেইবাখনো ৰাজ্যৰ উদ্যান শস্য বিভাগৰ বিষয়া আৰু ক’ক খেতিয়কে দুদিনীয়া কনক্লেভত অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ডি বি টি নিকেব ভৱনত আয়োজিত কনক্লেভৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মিজোৰামৰ কৃষি আৰু কৃষক কল্যাণ , জলসিঞ্চন আৰু জলসম্পদ বিভাগ আদি বিভাগৰ মন্ত্ৰী. পি.চি ভানলালৰুৱাটাই অংশগ্ৰহণ কৰে।
ভাষণত মন্ত্ৰীগৰাকীয়ে কক খেতিয়কৰ জীৱনশৈলী উন্নত কৰি উচ্চ উৎপাদনক্ষম বীজৰ জৰিয়তে অধিক উৎপাদনৰ কৰি কৃষকৰ বাবে নতুন সুযোগ আৰু সম্ভাৱনীয়তা চিনাক্ত কৰি সামগ্ৰিক ভাৱে কʼক অৰ্থনীতি গঢ়ি তোলা প্ৰয়োজন বুলি উল্লেখ কৰে। লগতে কʼক খেতিৰ বাবে এক সুনিৰ্দিষ্ট নীতি আৰু পৰিকল্পনা যুগুত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়াই সন্মানীয় অতিথি হিচাপে ভাষণত কʼক খেতিৰ সম্ভাৱনীয়তা আৰু উদ্যোগীকৰণৰ দিশেৰে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। বিশেষকৈ গুণগত মানদণ্ডৰ কেঁচামালৰ উৎপাদন তথা ইয়াৰ বাবে কৌশলগত গৱেষণা আৰু প্ৰচেছিংৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আদৰণি ভাষণত কোচিনৰ কাজু বাদাম আৰু ক’ক উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালক ড° ফেমিনাই দেশৰ কʼক খেতিৰ সামগ্ৰিক ৰূপৰেখা আৰু সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰে ।