/asomiyapratidin/media/media_files/2025/09/01/new-ap-web-rgu-2025-09-01-14-02-10.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটীস্থিত ৰয়েল গ্ল’বল বিশ্ববিদ্যালয়ে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচনৰ পৰা অত্যন্ত গৌৰৱজনক AICTE-VAANI (Vibrant Advocacy for Advancement and Nurturing of Indian Languages)ৰ অনুদান লাভ কৰিছে। এই অনুদানৰ অধীনত বিশ্ববিদ্যালয়খনে আগন্তুক ১৫ আৰু ১৬ছেপ্টেম্বৰ, ২০২৫তাৰিখে অনুষ্ঠিত কৰিব এক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ। এই সন্মিলনৰ মূল বিষয় হ’ল— “স্থিতিশীল ভৱিষ্যতঃ শক্তি, স্থায়িত্বতা আৰু জলবায়ু পদক্ষেপৰ বাবে ভাৰতীয় জ্ঞান-পৰম্পৰাৰ দৃষ্টিভংগী”।
এই উদ্যোগৰ লক্ষ্য হ’ল ভাৰতীয় ভাষাসমূহৰ উন্নয়ন আৰু উচ্চ শিক্ষা গৱেষণাৰ ক্ষেত্ৰত প্ৰচাৰ। আৰ জি ইউত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলন অসমীয়া ভাষাত অনুষ্ঠিত হ’ব। এই দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ লক্ষ্যহৈছে শক্তি, স্থায়িত্বতা আৰু জলবায়ু সংকটৰ সমাধানত ভাৰতীয় জ্ঞান-পদ্ধতিৰ ভূমিকা অনুসন্ধান, লগতে থলুৱা জ্ঞান, আধুনিক উদ্ভাৱন আৰু সাংস্কৃতিক সমন্বয়ৰ জৰিয়তে স্থায়ী ভৱিষ্যত গঠন কৰা ।
এই প্ৰসংগত আৰ জি ইউৰ সহকাৰী অধ্যাপক আৰু আই কে এছ চেল তথা এ আই চি টি ই ভা নি সন্মিলনৰ সমন্বয়ক ড০ সাস্বতী বৰদলৈয়ে কয়, ”সন্মিলনৰ পঞ্জীয়ন বিনামূলীয়া আৰু AICTE ATAL Academy Portal https ://atalacademy.aicte-india.org/login (Application No: 2829909751)ৰ জৰিয়তে সম্পন্ন কৰিব পাৰি। গৱেষকসকলে সংক্ষিপ্তসাৰ (৩০০শব্দৰ ভিতৰত ৫টা মুখ্য শব্দ) ৬ছেপ্টেম্বৰ, ২০২৫তাৰিখৰ ভিতৰত ictevaanirgu@gmail.com এই ই-মেইল ঠিকনাত প্ৰেৰণ কৰিব লাগিব।“
সন্মিলনত প্ৰধান ভাষণ, আলোচনী সভা আৰুগৱেষণা-পত্ৰ উপস্থাপন অন্তৰ্ভুক্ত থাকিব। গৱেষণা-পত্ৰৰ মূল বিষয়সূচী হ’ল : ভাৰতীয় জ্ঞান-পৰম্পৰাত শক্তি, প্ৰকৃতি আৰু স্থায়িত্বতা; পাৰম্পৰিক পৰিবেশ-জ্ঞান আৰু আধুনিক বিজ্ঞান; থলুৱা জ্ঞানঃ জলবায়ু সহনশীলতাৰ পথ; ভাৰতীয় জ্ঞান-পদ্ধতিত বহনক্ষম স্থাপত্য; শক্তি, বহনক্ষমতা আৰু সাংস্কৃতিক প্ৰয়োগত ভাৰতীয় জ্ঞান-পদ্ধতি; সেউজ উদ্যমিতা আৰু ভাৰতীয় জ্ঞান-পদ্ধতি, শক্তি ৰূপান্তৰত থলুৱা উদ্ভাৱন,আৰু ভাৰতীয় জ্ঞান-পদ্ধতি আৰু বিজ্ঞানঃ বহনক্ষম ভৱিষ্যতৰ সম্ভাৱনা ।