হাৱাজানত ট্ৰাকসহ গৰু জব্দ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰুৰ ছিণ্ডিকেট আৰু গৰুৰ চোৰাং বেহা বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে আজিও সৰবৰাহ হৈ আছে গো ধন।

author-image
Asomiya Pratidin
New Update
313

ডিজিটেল সংবাদ, ছয়দুৱাৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰুৰ ছিণ্ডিকেট আৰু গৰুৰ চোৰাং বেহা বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে আজিও সৰবৰাহ হৈ আছে গো ধন। উত্তৰ অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে নিতৌ গো ধনৰ সৰবৰাহ হৈ আহিছে যদিও বিভিন্ন সময়ত আৰক্ষীয়ে দেখিও নেদেখাৰ ভাও ধৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ ট্ৰাক,বলেৰ পিক আপ আৰু টাটা এচি জাতীয় মালবাহী গাড়ীৰে সৰবৰাহ হৈ আহিছে গো ধনসমূহ। ধেমাজি, চিলাপথাৰ, হাৰমতি, গহপুৰ আদি ঠাইৰ পৰা গাড়ীৰে নিতৌ গো ধন সৰবৰাহ হৈ থকা কাৰ্য্যই মুখ্যমন্ত্ৰীৰ গ্ৰহণ কৰা কঠোৰ পদক্ষেপক ফুটুকাৰ ফেনত পৰিণত কৰি তুলিছে।

গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাৱাজান আৰক্ষী চকীৰ এটা টহলদাৰী দলে বুধবাৰে নিশা প্ৰায় ১-১৫ বজাত ৰাষ্ট্ৰীয় ঘাইপথেৰে এখন ট্ৰাক(এছ-০১-এনচি ৯৪২৫)ত অবৈধভাৱে কঢ়িয়াই অনা ২৫ টা গৰুসহ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হোৱা ঘটনাই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে গো ধনৰ অবাধ সৰবৰাহৰ আপত্তিজনক বিষয়টো পৰিস্কাৰ কৰি তুলিছে।

হাৱাজান আৰক্ষী চকীৰ আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হোৱা গো ধন সমূহ কেটল পাৰ্মিট অবিহনে কঢ়িয়াই আনিছিল।আৰক্ষীয়ে উক্ত গো ধন সৰবৰাহৰ লগত জড়িত মুঠ চাৰিজন সৰবৰাহকাৰী ক্ৰমে চাইদুল আলি, জলিল আলি,চাইফুল ইচলাম,জাহাংগীৰ আলমক আটক কৰিছে।

ইয়াৰে দুজনৰ ঘৰ লখিমপুৰ আৰু দুজনৰ ঘৰ নগাঁৱত। গো-ধন সমূহ চিলাপথাৰৰ সাপ্তাহিক বজাৰৰ পৰা যোৰাবাটলৈ বুলি আনি থকা হৈছিল ।

গৰু চুৰি