ধুবুৰীৰ গুৰুদ্বাৰত শিল্পী জুবিন গাৰ্গক  শ্ৰদ্ধাঞ্জলি জ্ঞাপন

পঞ্চভূতত বিলীন হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। প্ৰিয় শিল্পী গৰাকীৰ মৃত্যুত ধুবুৰীত আজিও শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

author-image
Asomiya Pratidin
New Update
405

ডিজিটেল সংবাদ, ধুবুৰী : পঞ্চভূততবিলীন হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। প্ৰিয় শিল্পী গৰাকীৰ মৃত্যুত ধুবুৰীত আজিও শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

WhatsApp Image 2025-09-23 at 5.13.17 PM

ধুবুৰীৰ বিশিষ্ট মৃৎ শিল্পী প্ৰদীপ কুমাৰ ঘোষে আজি জনতাৰ শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি সাজি উলিয়াই প্ৰিয় শিল্পী গৰাকীলৈ শ্ৰদ্ধাণ্জলি নিবেদন কৰে। তেওঁ কয় যে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আজি আমাৰ মাজত নাথাকিলেও জুবিনৰ গান, জুবিনৰ স্মৃতি আৰু জুবিন গাৰ্গ আমাৰ অন্তৰত সদায় জীয়াই থাকিব। 

WhatsApp Image 2025-09-23 at 5.13.16 PM

ইপিনে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰতো শিখ প্ৰতিনিধি বোৰ্ড ইষ্টাৰ্ণ জোনৰ সভাপতি দলজিৎ সিং শেঠীৰ উপস্থিতিত গুৰুদ্বাৰত থকা ভক্তপ্ৰাণ ৰাইজে শিল্পী জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ধুবুৰী গুৰুদ্বাৰৰ বিষয়-ববীয়া, ৰাইজে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

জুবিন গাৰ্গ