কাজলগাঁৱত জিলা প্ৰশাসন আৰু শিল্পী সমাজৰ উদ্যোগত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি

অসমৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ আকস্মিক বিয়োগত সমগ্ৰ ৰাজ্যজুৰি শোকঁৰ ছা পৰিছে। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অবিহনে যেন শূন্য হৈ পৰিছে সমগ্ৰ অসম।

author-image
Asomiya Pratidin
New Update
375

ডিজিটেল সংবাদ,  চিৰাং : অসমৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ আকস্মিক বিয়োগত সমগ্ৰ ৰাজ্যজুৰি শোকঁৰ ছা পৰিছে। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অবিহনে যেন শূন্য হৈ পৰিছে সমগ্ৰ অসম।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চিৰাং জিলাৰ সদৰ কাজলগাঁৱতো চিৰাং জিলা প্ৰশাসন আৰু শিল্পী সমাজৰ উদ্যোগত কলাগুৰু বিষ্ণু ৰাভা মুকলি মঞ্চত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পন তথা বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিন গাৰ্গৰ জনপ্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত/ দেখা পালোঁ তোমাৰ ছবি... শীৰ্ষক গীতটি সমূহীয়াভাৱে পৰিৱেশন কৰি প্ৰিয় শিল্পীক স্মৰণ কৰে।

আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি আবেগিক হৈ পৰা দৃশ্যই অনুষ্ঠানত উপস্থিত থকা জুবিন গাৰ্গৰ অনুৰাগীসকলক অধিক আবেগিক কৰি তোলে। আজি প্ৰয়াত কন্ঠশিল্পী জুবিন গাৰ্গক সুঁৱৰি তেখেতৰ অনুৰাগীসকলে কেইবা সহস্ৰাধিক মমবাতি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জুবিন গাৰ্গ