/asomiyapratidin/media/media_files/2025/09/20/374-2025-09-20-15-39-53.jpg)
ডিজিটেল সংবাদ, কামপুৰ : অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ তথা ভাৰতৰ মহান শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত শোক বিহ্বল হৈ কামপুৰ ছাত্ৰ সমাজৰ উদ্যোগত কামপুৰৰ সাংস্কৃতিক প্ৰেমী ৰাইজে মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।
মহান শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যুৱ সমাজকৰ্মী বিভূতি ভূষণ বৰঠাকুৰ , সমাজকৰ্মী সভাৰাম মজুমদাৰ ,মাধৱ লস্কৰ,যতীন বৰা ,ৰাজু বৰা প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি অমিয় বৰা ,সম্পাদক প্ৰকাশ ভূঞা ,জ্যেষ্ঠ সাংবাদিক নীলকমল শইকীয়া ,ৰামধেনু গোষ্ঠীৰ সম্পাদক প্ৰদ্যুম্ন বৰা ,স্নেহবন্ধনৰ সম্পাদক সত্য বৰা , ছাত্ৰ সমাজৰ ৰাহুল বৰা ,নীলিম বৰাকে ধৰি ছাত্ৰ সমাজৰ যুৱক যুৱতী ,ৰাইজে জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিল্পী গৰাকীৰ জীৱন আদৰ্শৰ ওপৰত বক্তব্য প্ৰদান কৰে ।
অনুষ্ঠানটিত সকলোৱে শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে ।