আমিনগাঁৱত কৃষি মেপাৰ এপ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

প্রশিক্ষণ কাৰ্যসূচীত ৰঙিয়া সমজিলাৰ প্রায় ২৭ জন বিষয়া কর্মচাৰী, উপস্থিত থাকে। কামৰূপ জিলা কৃষি বিষয়া শ্রী মানৱ জ্যোতি দাসে আঁত ধৰা প্রশিক্ষণত ৰঙিয়া মহকুমা কৃষি বিষয়া দূর্লভ দাসো উপস্থিত থাকে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ আমিনগাঁওস্থিত আয়ুক্ত কার্য্যালয়ৰ সভাকক্ষত কৃষি বিভাগৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু NMEO-05 আঁচনিৰ অধীনত কৃষি মেপাৰ এপ সন্দৰ্ভত এক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।

WhatsApp Image 2025-09-08 at 9.28.48 PM

আজিৰ প্রশিক্ষণ কাৰ্যসূচীত ৰঙিয়া সমজিলাৰ প্রায় ২৭ জন বিষয়া, কর্মচাৰী উপস্থিত থাকে। কামৰূপ জিলা কৃষি বিষয়া শ্রী মানৱ জ্যোতি দাসে আঁত ধৰা প্রশিক্ষণত ৰঙিয়া মহকুমা কৃষি বিষয়া দূর্লভ দাসো উপস্থিত থাকে। 

WhatsApp Image 2025-09-08 at 9.28.47 PM (1)

তাৰোপৰি প্রশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাবে প্রশিক্ষণ প্রদান কৰে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ কার্য্যবাহী প্রকল্প ব্যৱস্থাপক মাধুর্য্য লোচন নেওঁগে।

কৃষি বিভাগ