তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱৰ আয়োজন

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা চৰাইদেউ মহোৎসৱ এইবাৰ অহা ৯, ১০ আৰু ১১ জানুৱাৰী ২০২৬ ত অনুষ্ঠিত হ'ব ৷

author-image
Asomiya Pratidin
New Update
433

ডিজিটেল সংবাদ, চৰাইদেউ : বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা চৰাইদেউ মহোৎসৱ এইবাৰ অহা ৯, ১০ আৰু ১১ জানুৱাৰী ২০২৬ ত অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে এই সন্দৰ্ভত মৈদাম প্ৰাংগনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷

অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ৰোহিনী মহনৰ সভাপতিত্ব অনুষ্ঠিত ৰাজহুৱা সভাখনিত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই অম্লানজ্যোতি কোঁৱৰে ৷ সভাত শিক্ষক নিলমণি বৰগোহাঁই, সমাজকৰ্মী অতুল ৰাজকোঁৱৰ, প্ৰাক্তন আটাছু নেতা গণেশ বৰগোহাঁই, সমাজকৰ্মী শৈল্যান ফুকন, জীতেন ৰাজকোঁৱৰ, সোনাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ, সমাজকৰ্মী জয়চন্দ্ৰ বড়া, চৰাইদেউ প্ৰেছ ক্লাবৰ সম্পাদক প্ৰণৱ বৰগোহাঁইকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি, দল সংগঠনৰ নেতাই চৰাইদেউ মহোৎসৱৰ গুৰুত্ব আৰু প্ৰসাৰতাৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়। 

সভাই চৰাইদেউ মহোৎসৱটি অহা ৯,১০ আৰু ১১ জানুৱাৰীত ২০২৬ অনুষ্ঠিত কৰা পোষকতা কৰে ৷

চৰাইদেউ মহোৎসৱ