/asomiyapratidin/media/media_files/2025/10/04/477-2025-10-04-22-44-57.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : যোৱা ১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭সংখ্যক জন্মোৎসৱ শান্তিপুৰ হিলচাইড পূব নামঘৰত শ্ৰীমন্ত শংকৰ কলা বিকাশ সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায়। ৩ অক্টোবৰৰ সামৰণি সভাখন সমিতিৰ সভাপতি ৰমেশ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হয় ।
এই সভাত বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° দয়ানন্দ পাঠকে মুখ্য অতিথি আৰু কটন বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষা বিভাগৰ প্ৰধান ড° মহেশ্বৰ কলিতাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৰুজনাৰ জীৱন, দৰ্শনৰ লগতে তেওঁৰ সমাজ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে। সভাতে দীপক কুমাৰ বৰুৱা সম্পাদিত স্মৃতিগ্ৰন্থ "গুণনিধি" উন্মোচন কৰি
দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা সান্তনা বৰুৱাই স্মৃতিগ্ৰন্থ এখনিয়ে এটি অনুষ্ঠাৰ ইতিহাৰ দলিল বুলি মতপোষণ কৰে।
তাৰ পিছতে বিভিন্ন প্ৰতিযোগিতাত উৎকৃষ্টতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰষ্কাৰ প্ৰদান কৰা হয় । সভাখনৰ আঁত ধৰে দীপক কুমাৰ বৰুৱাই ।