লামডিঙৰ বিবেকানন্দ পাৰ্কত চুৰিকাণ্ড

ৰে'ল চহৰ লামডিঙত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস।  বিবেকানন্দ সেৱা সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ অধীনত থকা তাত শাল কাৰখানাত চোৰে চলাই চাফাই অভিযান। 

author-image
Asomiya Pratidin
New Update
484
  • লামডিং বিবেকানন্দ পাৰ্কত চুৰি কাণ্ড।
  • ৰে'ল চহৰ লামডিঙত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। 
  • বিবেকানন্দ সেৱা সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ অধীনত থকা তাত শাল কাৰখানাত চোৰে চলাই চাফাই অভিযান। 
  • বিশিষ্ট সমাজ কৰ্মী তথা অধিবক্তা নাৰায়ণ দাসৰ বিশেষ আৰ্থিক সাহাৰ্য্যত চলা এই সংগঠনটোত আছে এখন সৰু বৃদ্ধাশ্ৰম। 
  • এই তাত শাল কাৰখানাত প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰী চুৰ কৰাৰ লগতে লাখ -লাখ টকাৰ মূল্যৱান বয় বস্তু ক্ষতিগ্ৰস্ত কৰি যায় চোৰে।
  • হোজাই জিলাৰ আটাইতকৈ ডাঙৰ তাত শাল কাৰখানাত চোৰে চলালে চাফাই অভিযান। 
  • এই চুৰি কাৰ্য্যৰ ফলত স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মৰত ২০০ ৰ অধিক সদস্যাৰ আৰ্থিক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈ্ছে। 
  • তেওঁলোকৰ দাবী এই চুৰিকাৰ্য্যৰ লগত জড়িত থকা চোৰক আটক কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে লামডিঙ আৰক্ষীক আহ্বান জনায়।
চুৰিকাণ্ড