/asomiyapratidin/media/media_files/2025/09/18/breaking-news-2025-09-18-15-30-47.jpg)
ডিজিটেল সংবাদ, বিহালীঃ বিহালীৰ সমজিলা অন্তৰ্গত বেদেতী কছাৰীলাইন পথাৰত সংঘটিত হৈছে শোকাৱহ ঘটনা ৷ কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ইটাভাটা মালিকে কেঁচা ইটা প্ৰস্তুত কৰিবলৈ কৃষিভূমিত খনন চলাই সৃষ্টি কৰা দ' খাৱৈত পৰি সলিল সমাধি ঘটে বিবেক গোৱালা নামৰ প্ৰায় ১১বছৰীয়া এজন কিশোৰৰ।
জানিব পৰা মতে, বুধবাৰৰ দিনৰ প্ৰায় ২ বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল বিবেক গোৱালা নামৰ কিশোৰজন। বৃহস্পতিবাৰে পুৱা অঞ্চলটোৰ এগৰাকী লোকে পুৱাৰ ভাগত গৰু এৰাল দিবলৈ আহি বেদেতী কছাৰীলাইন পথাৰৰ মাজত অৱস্থিত এক দ' খাৱৈত মৃতদেহটো পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বিহালীৰ বিভিন্ন এলেকাত একাংশ ইটাভাটাৰ দ্বাৰা কৃষিভূমিত সৃষ্টি কৰা পুখুৰী আকাৰৰ দ' খাৱৈত পৰি বহুজনৰ মৃত্যু ঘটিছে৷ কিন্তু ইমানৰ পিছতো বিশ্বনাথ জিলা প্ৰশাসনে বিহালীৰ কৃষিপথাৰ খনন চলাই কৃষিভূমি বিনষ্ট কৰি মানুহৰ জীৱনৰে হেতালি খেলা ইটাভাটা মালিক পক্ষক নাকি লগাবলৈ সক্ষম হোৱা নাই৷