/asomiyapratidin/media/media_files/2026/01/06/1-2026-01-06-16-19-36.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা এখন বিশেষ ৰেষ্টুৰেণ্ট। সেই ৰেষ্টুৰেণ্টখনৰ নাম-নিমিষা কিটচেন। গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াৰ পত্নী নিমিষা কোঁৱৰৰ দ্বাৰা পৰিচালিত এই ৰেষ্টুৰেণ্টখনৰ চাফ-চিকুণতা, আপ্যায়ন আৰু অসমীয়া থলুৱা আহাৰৰ জুটি লগা খাদ্য সম্ভাৰে যেন হাত বাউলি দি মাতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলক। উত্তৰ অসমৰ ৰাষ্ট্ৰীয় পথেৰে যাতায়ত কৰা বহু যাত্ৰীৰ বাবে এই 'নিমিষা কিটচেন"খন হৈ পৰিছে বহু আদৰৰ। গহপুৰ ৰে'লেৱে ষ্টেচন আৰু হোলেঙীৰ এয়াৰপৰ্টত নামি বহু যাত্ৰীয়ে আহাৰ গ্ৰহণ কৰিবলৈ পোনে পোনে আহে নিমিষা কিটচেনলৈ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-image-20-2026-01-06-16-19-53.jpeg)
নিমিষা কিটচেনৰ আপ্যায়ন আৰু জুটি লগা খাদ্য সম্ভাৰৰ বিষয়ে ইতিমধ্যে বহু ব্যক্তিয়ে বিভিন্ন বাতৰি কাকত আৰু সামাজিক মাধ্যমত বহুল ভাবে মন্তব্য আগবঢ়োৱাৰ লগতে স্বাভিমানী অসমীয়া নাৰী নিমিষা কোঁৱৰৰ বলিষ্ঠ নেতৃত্বক শলাগ লৈছে। বিভিন্ন মাধ্যমৰ জৰিয়তে "নিমিষা কিটচেন"ৰ বিষয়ে ইতিমধ্যে প্ৰচাৰ হোৱা বিভিন্ন ইতিবাচক খবৰৰ পম খেদি উক্ত ৰেষ্টুৰেণ্টখনত উপস্থিত হয় সূদুৰ অষ্ট্ৰিয়াৰ পৰা অহা এগৰাকী চিকিৎসক আৰু মহিলা সমাজকৰ্মীৰ এটা দল ।
উল্লেখযোগ্য যে, তেওঁলোকে নিমিষা কিটচেনত উপস্থিত হৈ বিভিন্ন খাদ্য সম্ভাৰৰ জুতি লোৱাৰ লগতে সাংবাদিক ভুৱন শইকীয়া আৰু তেওঁৰ পত্নী নিমিষা কোঁৱৰৰ লগত ভাবৰ আদান প্ৰদান কৰে। তেওঁলোকে নিমিষা কিটচেনৰ চাফ-চিকুণতা, পৰিস্কাৰ-পৰিচ্ছনতা দেখি অভিভূত হৈ পৰাৰ লগতে খাদ্য সম্ভাৰ গ্ৰহণ কৰি সন্তুষ্টি প্ৰকাশ কৰে। বিদেশৰ পৰা অহা দুয়োগৰাকী ব্যক্তিকে নিমিষা কিটচেনৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-imag-2026-01-06-16-20-10.jpeg)
ইপিনে তেওঁলোকৰ লগত উপস্থিত থাকে হোটেল ব্যৱসায়ৰ জৰিয়তে অষ্ট্ৰিয়াত প্ৰতিষ্ঠিত হোৱা কাউৰীপথাৰৰ সুযোগ্য সন্তান যশোৱন্ত মহন্ত,ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ ৰবীন দেউৰী ,উপ অধীক্ষক ডাঃ প্ৰভু প্ৰসাদ আৰু বিপিএম হৰেণ গগৈ। আনপিনে নিমিষা কিটচেনৰ স্বত্বাধিকাৰী তথা কৰ্মচাৰীসকলে এই আন্তঃৰাষ্ট্ৰীয় দলটোক আপ্যায়ন কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/06/whatsapp-image-2026-01-06-16-20-29.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us