/asomiyapratidin/media/media_files/2025/12/24/525-2025-12-24-20-00-54.jpg)
ডিজিটেল ডেস্ক : দেশত চলি আছে ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা। বি চি চি আইৰ তত্বৱধানত আৰু ৰাজ্যৰ ক্ৰিকেট সংস্থাসমূহৰ সহযোগত আয়োজন কৰিছে এই ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা।
সম্প্ৰতি দেশৰ ভিন্ন প্ৰান্তৰ চহৰত চলি আছে বিজয় হাজাৰে ট্ৰফী প্ৰতিযোগিতা ২০২৪-২৫। প্ৰতিযোগিতাৰ আৰম্ভণিতে উজলি উঠিছে ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকী তাৰকা খেলুৱৈ। ২৪ ডিচেম্বৰ ২০২৫ৰ দিনটোত অনুষ্ঠিত হৈছে কেইবাখনো মেচ। দিল্লী, বিহাৰ, ঝাৰখণ্ড, অসম, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল, কৰ্ণাটক, তামিলনাডু, মুম্বাই, মহাৰাষ্ট্ৰ আদিকে ধৰি ভালেকেইখন ৰাজ্যৰ দলে আজিৰ দিনটোত খেলে মেচ।
আজিৰ এই মেচখনত ভাৰতীয় জাতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকী তাৰকা খেলুৱৈ উজলি উঠিবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে বিৰাট কোহলি, ৰোহিত শৰ্মা, ঈশান কিষাণ, দেৱদত্ত পাডিকল, ছাই সুদৰ্শন, মায়ংক আগৰৱাল, নিতীশ ৰাণা, অভিমান্য ঈশ্বৰণ, অভিষেক শৰ্মা, পৃথ্বী শ্ব’, ধ্ৰুৱ জুৰেল আৰু ৰিংকু সিং। উল্লেখিত আটাইকেগৰাকী খেলুৱৈয়ে আজিৰ এই ভিন্ন মেচত শতক, অৰ্ধশতকৰ উপৰি সন্তোষজনক স্ক’ৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, আজিৰ মেচত দিল্লীক প্ৰতিনিধিত্ব কৰি বিৰাট কোহলিয়ে ১৩১ ৰানৰ ইনিংছ গঢ়ে। লগতে তেওঁ লিষ্ট- এ সংস্কৰণত ১৬ হাজাৰ ৰান সম্পূৰ্ণ কৰে। একেদৰে মুম্বাইক প্ৰতিনিধিত্ব কৰি ৰোহিত শৰ্মাই ১৫৫ ৰান সংগ্ৰহ কৰে। তাৰোপৰি ঝাৰখণ্ডৰ হৈ ঈশান কিষাণে ১২৫, কৰ্ণাটকৰ হৈ দেৱদত্ত পাডিকলে কৰে ১৪৭ ৰান।
কৰ্ণাটকক প্ৰতিনিধিত্ব কৰা আন গৰাকী জাতীয় দলৰ সদস্য মায়ংক আগৰৱালে ৫৪ ৰানৰ ইনিংছ খেলে। তামিলনাডুৰ বেটাৰ তথা ভাৰতীয় দলৰ সদস্য ছাই সুদৰ্শনে কৰে ৪৮ৰান। দিল্লীৰ হৈ নিতীশ ৰাণাই সংগ্ৰহ কৰে ৭৭ৰান।
তাৰোপৰি অভিমান্যু ঈশ্বৰণে বেংগলক প্ৰতিনিধিত্ব কৰি কৰে৭১ ৰান। পাঞ্জাৱৰ হৈ অভিষেক শৰ্মাই কৰে ৪৮ৰান। মহাৰাষ্ট্ৰৰ হৈ পৃথ্বী শ্ব’ই কৰে ৪৬ ৰান। উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰা ধ্ৰুৱ জুৰেল আৰু ৰিংকু সিঙে কৰে ক্ৰমে ৮০ আৰু ৬৭ ৰান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us